অতি মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বাহন, চাৰি কলেজীয়া ছাত্ৰৰ মৃত্যু…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন চাৰিচকীয়া বাহন।

নিয়ন্ত্ৰণ হেৰুৱাই বাঢ়নী পানীত সোমাই সলিল সমাধি ঘটিল চাৰিজনকৈ কলেজীয়া ছাত্ৰৰ।

কলিয়াবৰৰ বাগৰিত মঙলবাৰে পুৱা সংঘটিত হয় এটি ভয়ংকৰ পথ দুৰ্ঘটনাটো।

image 255
অতি মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বাহন, চাৰি কলেজীয়া ছাত্ৰৰ মৃত্যু... 3

মৃত ছাত্ৰ কেইজন হৈছে- শচীন বৰদলৈ(১৮), লােহিত দাস(২৩), ৰাহুল সেনাপতি(২০) আৰু ঋষভ দাস(১৯)।

জানিব পৰা মতে পুৱা প্ৰায় ৮ মান বজাত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এ এছ ০৩ এ ই ৮০০৩ নম্বৰৰ হুণ্ডাই অ’ৰা গাড়ী খনে নিয়ন্ত্ৰন হেৰুৱাই বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাঢ়নী পানীৰে ভৰা দ’ খাৱৈত সোমাই পৰে।

187
অতি মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বাহন, চাৰি কলেজীয়া ছাত্ৰৰ মৃত্যু... 4

ফলত গাড়ীখনৰ পাচজন আৰোহীৰ ভিতৰত চাৰিজনৰেই মৃত্য়ু ঘটে যদিও এজনে কথমপি প্ৰান ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

নিহত শচীন বৰদলৈৰ ঘৰ যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত, ৰোহিত দাসৰ ঘৰ যোৰহাটৰ মালৌআলিত, ঋষভ দাসৰ ঘৰ মাজুলীৰ বালিগাঁৱত আৰু ৰাহুল সেনাপতিৰ ঘৰ মাজুলীত।

প্ৰবল বৰষুণৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে।