অসম

অঘটন! ৰাজপথত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন ১২ চকীয়া ট্ৰাক…

ডিমা হাছাওৰ পানীমূৰত অঘটন।

ৰাজপথত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন ১২ চকীয়া ট্ৰাক।

ক্লিংকাৰ কঢ়িওৱা এখন ১২ চকীয়া ট্ৰাকত হঠাৎ জ্বলি উঠে বিধ্বংসী জুই।

উমৰাংচৰ পৰা লংকা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই।

অগ্নিকাণ্ড সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ AS 09AC 1402 ।

ৰাজপথতে পুৱতি নিশাৰ ভাগত এই অঘটন সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *