fbpx
অসমীয়াঅসম

ৰে’ল যাত্ৰাৰ সময়তে আৰম্ভ হ’ল প্ৰসৱ বেদনা! ৰঙিয়া ষ্টেচনত ৰে’লৱে কৰ্মী-চিকিৎসকৰ সহায় সন্তান জন্ম দিলে গৰ্ভৱতী মহিলাই…

নিউজ ডেস্কঃ ৰে’ল যাত্ৰাৰ সময়তে প্ৰসৱ বেদনাত ভুগা এগৰাকী প্ৰসুতিয়ে ষ্টেচনতে জন্ম দিলে সন্তান।

ৰে’ল কৰ্মচাৰী আৰু ৰে’লৱে আৰক্ষীৰ সহযোগত ৰে’লৱে চিকিৎসকে প্লেটফৰ্মত প্ৰসৱ কৰোৱায় মহিলাগৰাকীক।

পহিলা ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হয় ৰঙিয়া জংচনত।

image 20

জানিব পৰা মতে, ১৫১৬০ কামৰূপ এক্সপ্ৰেছত যাত্ৰাৰ সময়তে প্ৰসৱ বেদনা অনুভৱ কৰে সন্তানসম্ভৱা মহিলাগৰাকীয়ে।

জংচনত মহিলাগৰাকীৰ পৰিস্থিতি লক্ষ্য কৰি কৰ্তব্যৰত টিকট নিৰীক্ষক, ৰে’লৱে কৰ্মচাৰী আৰু আৰ পি এফৰ জোৱান সহায়ৰ বাবে আগবাঢ়ি আহে।

image 21

কিছু সময় পিছতে সেই স্থানত ৰে’লৱে চিকিৎসকো উপস্থিত হোৱাত চিকিৎসকৰ সহায়ত মহিলাগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তান।

বৰ্তমান মাতৃ আৰু কন্যা দুয়োগৰাকীয়েই সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।

image 22

পৰৱৰ্তী সময়ত দুয়োকে উপযুক্ত চিকিৎসাৰ বাবে ৰঙিয়াৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button