ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম সন্তানৰ অভিলেখ, ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টিৰে অম্লান বৰগোঁহাইৰ স্বৰ্ণজয়…

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ গঢ়িলে এগৰাকী অসম সন্তানে।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈ থকা ৮৭ সংখ্যক সৰ্বভাৰতীয় ৰে’লৱে এথলেটিকছ প্ৰতিযোগিতাত সোমবাৰে অম্লান বৰগোঁহায়ে লাভ কৰিবলৈ সক্ষম হৈছে সোণৰ পদক।
১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰিছে অসম সন্তান অম্লান বৰগোহাঁয়ে।
উল্লেখ্য যে অম্লানে ইতিমধ্যে এছিয়ান গেছমৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এনে প্ৰেক্ষাপটত অম্লানৰ এই প্ৰদৰ্শনে আশাবাদী কৰি তুলিছে সকলোকে।
অসম এথলেটিকছ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰি শেহতীয়াকৈ যিসকল অসম সন্তানে ৰাষ্ট্ৰীয় পৰ্যায়ত ঈৰ্ষণীয় সফলতা লাভ কৰিছে সেইসকলৰ ভিতৰত অম্লান বৰগোঁহাই অন্যতম।
ইপিনে অম্লানৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অসম এথলেটিকছ সন্থাৰ বিষয়ববীয়াসকল। সন্থাৰ বিষয়ববীয়াৰ লগতে অসম এথলেটিকছৰ প্ৰশিক্ষক নিপন দাসেও শুভেচ্ছা জনাইছে অম্লানক।