অসমঅসমীয়া

ৰাতি পত্নীক কৈছিল- কথা এটা ক’বলৈ আছিল! কিন্তু নক’লে, পিছদিনা আহিল কেব চালক উৎপলৰ মৃত্যুৰ খবৰ

নিউজ ডেস্ক। আজি ১ মে’ অৰ্থাৎ শ্ৰমিক দিৱস।

উনৈশ শতিকাৰ পৰা শ্ৰমিকসকলৰ বাবে বিশেষভাৱে পালিত হৈ অহা পহিলা মে’ৰ দিনটোতে মহানগৰীৰ চচল কঁপালে শতাধিক কেব চালকে।

মহানগৰীত ভাড়াতীয়া হিচাপে থাকি কেব চলোৱা শিৱসাগৰৰ উৎপল গোঁহাই নামৰ কেব চালকজনে আৰ্থিক অভাৱৰ ফলত আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলগীয়া হৈছিল।

মে’ দিৱসৰ প্ৰাক ক্ষণত এইগৰাকী কেব চালকে আত্মহননৰ পথ বাচি লৈ যেন কৈ গ’ল কেব চালকৰ দুখ-দুৰ্দশাৰ কথা!

G3 1

বহিৰাগত কোম্পানীৰ অধীনত কাম কৰি নিজৰ ন্যায্যৰ পৰা বঞ্চিত হৈ অহা এই কেব চালকসকলে চৰকাৰৰ পৰাও যেন উপেক্ষিত হৈ আছে।

কোভিড মহামাৰীৰ বাবে দুটাকৈ বছৰ গৃহবন্দী হৈ থাকিবলগা হোৱা কেব চালক সকলৰ কথা নাভাৱিলে চৰকাৰে, নাভাৱিলে বহিৰাগত কোম্পানী সকলে।

আনহাতে প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ’ল, ডিজেলৰ মূল্য। গাড়ীখন লৈ ওলাই যোৱাৰ পিছত প্ৰতিদিনে হকে-বিহকে জৰিমণা ভৰিবলগা হয় কেব চালকসকলে। বাহন মেৰামতিৰ বহুল খৰছ, ৰাজ্যৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আহি গুৱাহাটীত ভাড়াঘৰ লৈ থকাৰ খৰছ আদিবোৰতো আছেই!

এনে পৰিস্থিতিত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ আহিছে কেব চালকসকলে।

কোভিডৰ দুবছৰ ধৰি পৰি ৰোৱা গাড়ীখন মেৰামতি কৰিবলৈ বহু কেব চালকে ল’বলগীয়া হৈছিল মাইক্ৰ’ ফাইনেন্সৰ ঋণ। এতিয়া সেইবোৰ পৰিশোধ কৰিবলৈ গৈও ভীষণ সমস্যাত পৰিছে কেব চালক আৰু তেওঁলোকৰ পৰিয়াল।

এনে আৰ্থিক অভাৱৰ বাবেই মে’ দিৱসৰ প্ৰাকক্ষণত আত্মহত্যাৰ চৰম পথ বাচি লৈছিল কেব চালক উৎপল গোঁহাইয়ে। তাৰ পিছতে এতিয়া হাহাকাৰ কৰি উঠিছে তেওঁৰ পত্নী আৰু কণমানি পুত্ৰ। ভৱিষ্যতৰ চিন্তাই ব্যতিব্যস্ত কৰিছে পত্নীক।

কণমানি পুত্ৰক লগত লৈ উৎপলৰ পত্নীয়েও আজি চচলত কেব চালকসকলক ন্যায্যতা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। তাতেই তেওঁ স্বামীৰ মৃত্যুৰ শোক হিয়া উজাৰি কান্দে। এফালৰ পৰা কৈ যায় কেব চালকৰ জীৱনৰ দুখ-দুৰ্দশাৰ কথা। এয়া যেন আন এখন উপন্যাসৰ কাহিনী। যাৰ নাম- লাইফ অৱ এ কেব ড্ৰাইভাৰ!

অসম আৰক্ষীৰ কনিষ্টবল পদৰ ই্ন্টাৰভিউ দিবলৈ সন্তানটোক লগত লৈ লখিমপুৰলৈ গৈছিল উৎপল পত্নীয়ে। সেই সময়ত গুৱাহাটীৰ ভাড়াঘৰত অকলে আছিল উৎপল। ২ মে’ত পত্নী-পুত্ৰক লখিমপুৰৰ পৰা আনিবলৈ যোৱাৰ কথা আছিল উৎপলৰ।

নিশা প্ৰায় ১১ বজাত পত্নীয়ে ফোন কৰিছিল উৎপললৈ। সেই সময়ত ভাত খাই উঠিছিল উৎপলে। তেওঁ পত্নীক কৈছিল- কথা এটা ক’বলৈ আছিল..।

কিন্তু পিছ মুহূৰ্ততে আকৌ কৈছিল- এহ নকও দে। তই এনেয়েই চিন্তা কৰি থাকিবি।’

নিশা বহুত হৈছিল তেতিয়া। স্বামীৰ সৈতে কথা পাতি থাকোতেই টোপনিৰ কোলাত ধৰি পৰিছিল উৎপলৰ পত্নী। কিন্তু পিছদিনা কেইবাবাৰো ফোন কৰাৰ পিছতো উৎপলে ফোন ৰিচিভ নকৰাত মন টেঙায় পত্নীৰ। ইফালে সিফালে খবৰ কৰি অৱশেষত লাভ কৰে সেয়া অবিশ্বাস্য খবৰ! হয়, উৎপল আৰু নাই!

আৰ্থিক দৈন্যতাৰ বাবেই উৎপলে এই পন্থা বাচি লোৱা বুলি মন্তব্য কৰে পত্নীয়ে। লকডাউনৰ পিছতে পৰিথকা গাড়ীখন ভাল কৰিবলৈ ৪০ হাজাৰ টকা ধাৰলৈ আনি দিছিল পত্নীয়ে। আছিল মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱাও। দিনে দিনে হ্ৰাস পোৱা উপাৰ্জনে একেবাৰে অভাৱী কৰি তুলিছিল পৰিয়ালটোক।

এনে কাৰণতেই উৎপলে আত্মহত্যাৰ দৰে বাচি ল’লে বুলি কৈ উচুপি উঠে তেওঁৰ পত্নী। তেওঁ লগতে এয়াও কয় যে যদি চৰকাৰ আৰু ওলা-উবেৰৰ দৰে বহিৰাগত কোম্পানীয়ে কেব চালক সকলক উপযুক্ত পাৰিশ্ৰম প্ৰদান কৰিলেহেঁতেনে, তেন্তে উৎপলে এনে পন্থা ল’বলগীয়া নহ’লহেঁতেন।

এয়া কেৱল উৎপলৰ জীৱনতে ঘটা নাই, কাইলৈ আন কোনোবা কেব চালকৰ পৰিয়াললৈ এই দুৰ্দিন নামি অহাৰ আশংকা সদা বিৰাজমান।

Related Articles

Leave a Reply

Back to top button