অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব ৩৪ অৱসৰপ্ৰাপ্ত সেনা বিষয়া…

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক।

বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেটে।

ৰাজ্যত ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপনৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে ৰাজ্য চৰকাৰে।

ইতিমধ্যে স্মাৰ্ট মিটাৰৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰা হৈছে।

গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ১ মাহ পৰ্যন্ত নতুন-পুৰণা দুয়োটা মিটাৰেই থাকিব বুলি কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী পীযূষ হাজৰিকাই উল্লেখ কৰে।

ইয়াৰ লগতে শক্তিখণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে হাটশিঙিমাৰী, ছালাকাটি, বৰপেটাত ৩টা পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে ৫৬.৭৬ কোটি টকাৰ অনুমোদন কেবিনেটৰ। ইয়াৰ জৰিয়তে বিদ্যুৎ খণ্ডৰ উন্নয়নৰ জৰিয়তে ৩০ লাখ গ্ৰাহক উপকৃত হ’ব।

আজিৰ কেবিনেটত অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হয়।

সেই অনুসৰি অসম আৰক্ষীত ৩৪জন অৱসৰপ্ৰাপ্ত সেনা বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশিক্ষণ) ৰূপে নিযুক্ত কৰা হ’ব। ইয়াৰ দ্বাৰা আৰক্ষী বেটেলিনৰ প্ৰশিক্ষণ কাৰ্যসূচী শক্তিশালী কৰা হ’ব।

কেবিনেট বৈঠক অনুসৰি ৰাজ্যত বেটেলিয়ন প্ৰশিক্ষণৰ নতুন ব্যৱস্থা কৰা হ’ব য’ত ৩৪জন অৱসৰপ্ৰাপ্ত সেনা বিষয়াক প্ৰশিক্ষণৰ বাবে নিযুক্তি দিয়া হ’ব।

এ চি এছ আৰু এ পি এছ বিষয়াৰ দৰমহা, পদোন্নতিত সমতা অনাৰ বাবে দুয়োটা সেৱাৰ বিষয়াসকলৰ দৰমহা আৰু পদোন্নতিত (নিৰ্বাচন গ্ৰেড পৰ্যায়লৈকে) সমতা অনাত অনুমোদন।

আনহাতে, ২৪ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া লাচিত দিৱসৰ প্ৰস্তুতিৰ বাবেও বেটেলিয়েন সমূহৰ প্ৰশিক্ষণ সন্দৰ্ভতো লোৱা হয় বহু কেইটা সিদ্ধান্ত।

Related Articles

Back to top button