fbpx
অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ জাতিৰ প্ৰমাণ-পত্ৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা ডিজিটেল হ’ব….

ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম বছৰৰ কাৰ্যকালৰ অন্তিমখন কেবিনেট বৈঠকত শনিবাৰে অনুষ্ঠিত হয়।

কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেট বৈঠকৰ পিছতে কৃষিমন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কেবিনেট সিদ্ধান্ত সমূহ প্ৰকাশ কৰে।

ইউৰীয়া সাৰৰ ওপৰত কেবিনেটত লোৱা হৈছে বিশেষ সিদ্ধান্ত।

এতিয়াৰে পৰা ইউৰীয়া সাৰৰ পাইকাৰী দোকান নাথাকিব। খুচুৰা দোকানত বিক্রী হ’ব ইউৰীয়া সাৰ। ইউৰীয়া সাৰ বিক্ৰীৰ বাবে কেৱল খুচুৰা ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ থাকিব।

২৩,০০০ মেট্রিক টন সাৰ জমা থকাৰ পিছতো পোৱা নাছিল কৃষকে। এইক্ষেত্রত চি আই ডিৰ দ্বাৰা কৰা হৈছিল তদন্ত। এই বেমেজালি নাইকিয়া কৰিবলৈ নতুন সিদ্ধান্ত চৰকাৰৰ।

আন এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাইও সাংবাদিকৰ আগত জনাইছে কেবিনেটৰ কেইবাটাও সিদ্ধান্ত।

মিছন ভূমিপুত্র বুলি নতুন মিছন আৰম্ভ কৰিব চৰকাৰে। এই মিছনৰ দ্বাৰা জাতিৰ প্রমাণ-পত্র আবেদন প্রক্রিয়া সৰলীকৰণ হ’ব।

জাতিৰ প্রমাণ-পত্র প্রক্রিয়া এতিয়াৰে পৰা ডিজিটেল হ’ব। ৩৫-৪৫ দিনতকৈ পলম নহ’ব প্রমাণ-পত্র পোৱাত।

প্রমাণ-পত্র বিচাৰি পূৰ্বৰ দৰে হাৰাশাস্তিৰ সন্মুখীন হ’ব নালাগিব। নৱম মান শ্ৰেণীৰ পৰা প্ৰদান কৰা হ’ব জাতিৰ প্ৰমাণ পত্ৰ’।

জাতিৰ প্ৰমাণপত্ৰ জিলা উপায়ুক্তই নিজেই প্ৰদান কৰিব বুলিও মন্তব্য কৰে হাজৰিকাই।

আনহাতে ৫৪৪ কোটি ব্যয়েৰে নিৰ্মাণ হ’ব Multi Super Speciality Hospital। আই আই টি ৰ সহযোগত হ’ব এই হাস্পতাল।

হাস্পতালখন হ’ব গৱেষণাৰ বাবে।

আনহাতে ৫৫৪.৪৪ কোটি টকা ব্যয় সাপেক্ষে অসম আৰক্ষীৰ আবাসীক এলেকা নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলিও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

২০ মে’ৰ ভিতৰত নগাঁও আৰু কাছাৰ কাগজ কলৰ ৮৪ গৰাকী কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ।

অসম চৰকাৰৰ যিকোনো বিভাগত দিয়া হ’ব চাকৰি।

হাজং কাছ হ্রদ আৰু বৰজুলিক দ্বিতীয় আৰু তৃতীয় ঐতিহ্য ক্ষেত্রৰূপে ঘোষণা। বনৰীয়া ধান সংৰক্ষণৰ বাবে ঐতিহ্য ক্ষেত্রৰূপে ঘোষণা।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!