ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্য ক্ৰমে ১২ টকা আৰু ১৭ টকাকৈ হ্ৰাস…

নিউজ ডেস্ক। দীপাৱলীৰ শুভ মুহূৰ্তত দেশবাসীলৈ এক অপ্ৰত্যাশিত উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ।

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে উৎসৱৰ বতৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কােঙা কৰা জনাসাধাৰণক সকাহ দি পেট্ৰ’ল-ডিজেলৰ মূল্য ক্ৰমে ৫ টকা আৰু ১੦ টকাকৈ হ্ৰাস কৰাৰ ঘােষণা কৰিছে কেন্দ্ৰ চৰকাৰে।

এই মূল্য হ্ৰাস কেন্দ্ৰীয় আবকাৰী কৰ ৰেহাইৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে কেন্দ্ৰীয় আবকাৰী কৰ হ্ৰাস কৰাৰ পিছতে সকলাে ৰাজ্য চৰকাৰকে ৰাজ্যিক কৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল।

সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ লগতে দেশৰ বহু ৰাজ্যত ভেট (VAT) কৰত সৰ্বাধিক ৭ টকালৈ ৰেহাই দিয়াৰ ঘােষণা কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই কথা ঘােষণা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক ৰেহাইক আদৰণী জনােৱাৰ লগতে অসম চৰকাৰেও তৎকালীনভাৱে বলৱৎ হােৱাকৈ VAT ৰ ৭ টকাকৈ হ্ৰাস কৰাৰ ঘােষণা কৰিছে।

অৰ্থাৎ কেন্দ্ৰীয় আবকাৰী শুল্ক ৰেহাই আৰু অসম চৰকাৰৰ ভেট ৰেহাইৰ পাছত ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকাকৈ হ্ৰাস পাব।

অনুৰূপ ধৰণে মণিপুৰ চৰকাৰ তথা ত্ৰিপুৰা চৰকাৰেও পেট্ৰ’ল-ডিজেলত ৰাজ্যিক ভেটত ৭ টকাকৈ ৰেহাই ঘােষণা কৰিছে।

Leave a Comment