যোৰহাটৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইটিৰ ঘটনা।
বুধবাৰে নিশা বাইপাছৰ সূৰ্যা পেট্ৰল পাম্পৰ সমীপত এজন যুৱকক বাইক আৰু স্কুটিত অহা তিনিজন যুৱকে বলপূৰ্বক ভাবে ৰখাই ভাবুকি দি নগদ ধন লুটপাত কৰি নিয়ে।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যোৰহাট আৰক্ষীয়ে লগে লগেই অভিযান আৰম্ভ কৰে।
যোৰহাট সদৰ আৰক্ষীয়ে নিশাই এই ঘটনাত জড়িত তিনিজন যুৱকক আটক কৰাৰ লগতে এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয়।
ধৃত যুৱককেইজনৰ পৰা নগদ ধনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷
আৰক্ষীয়ে নগৰৰ বহতীয়া গাওঁ , ডিগম্বৰ চুক আৰু মিলন নগৰৰ পৰা মিন্টু দত্ত , মনজিত্ দাস আৰু মুন দাসক আটক কৰে।
বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।