fbpx
অসমীয়াঅসম

ৰাজপথত কণ্ঠ বিক্ৰী কৰা ছোৱালীজনী! যাৰ গীত শুনিবলৈ এখন্তেক ৰৈ যায় বাটৰুৱা…

নিউজ ডেস্কঃ ক্লাছ এইটত পৰা এগৰাকী সৰু ছোৱালী। নাম তাইৰ চেমিনা।

ৰাজপথত কণ্ঠ বিক্ৰী কৰি তাই পৰিয়াল চলায়। সংগীতৰ তালে তালে তাই গুণগুনায় হিন্দী-অসমীয়া কালজয়ী গীতবোৰ।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এইগৰাকী কিশোৰীৰ কণ্ঠ আৰু জীৱন সংগ্ৰামে শেহতীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিছে নেট ব্যৱহাৰকাৰীৰ।

অভাৱে জুৰুলা কৰা কিশোৰীগৰাকীৰ পৰিয়ালটোত সকাহ দিয়াৰ বাবে কেতিয়াবা যদি গুৱাহাটীত, আন কেতিয়াবা আকৌ নলবাৰীৰ বজাৰ আৰু ৰাজপথত গীত পৰিৱেশণ কৰে তাই।

বজাৰৰ কোলাহলৰ মাজতো তাইৰ কণ্ঠত প্ৰাণ পাই উঠে দিপালী বৰঠাকুৰ, অনিমা চৌধুৰীৰ দৰে কণ্ঠশিল্পীৰ চিৰ সেউজ গান।

তাইৰ কণ্ঠ শুনি এখন্তেক ৰ’বলৈ বাধ্য হয় বাটৰুৱাও।

পৃথিৱীৰ অন্য কণ্ঠশিল্পী আৰু তাইৰ মাজত পাৰ্থক্য এটাই। আনে মঞ্চত কণ্ঠ বিক্ৰী কৰে আৰু তাই কৰে ৰাজপথত।

যোৱা এবছৰ ধৰি এনেদৰে ৰাজপথত, বজাৰত গীত গাই আহিছে চেমিনা বেগম নামৰ ছোৱালীজনীয়ে।

অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে স্কুল বন্ধৰ দিনাখনেও গীত গাবলৈ ওলাই আহিছে।

কেতিয়াবা বেলতলা বজাৰত, কেতিয়াবা ধমধমা বজাৰত গীত গাই দুটকা উপাৰ্জন কৰিছে চেমিনাই।

সেই টকাৰে তাই কিছু সকাহ দিছে অভাৱগ্ৰস্ত পৰিয়ালটোক।

চেমিনাৰ আশা- এদিন তাইও মঞ্চত গীত পৰিৱেশন কৰিব আন গায়কৰ দৰেই।

জীৱন সংগ্ৰাম কৰি কৰি এদিন তাইও সমাজৰ বাবে এটা পৰিচিত নাম হ’ব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!