ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া GNRC হাস্পতালৰ…

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া GNRC হাস্পতালৰ।

চিকিৎসালয়খনে এক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিজ্ঞপ্তিখনত কোৱা হৈছে যে, ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে GNRC হাস্পতাল সদায় দায়ৱদ্ধ। সমাজৰ সকলো শ্ৰেণী লোকলৈকে GNRCয়ে সেই সেৱা আগবঢ়াই আহিছে।

ৰাজকন্যা বৰুৱাই জৰুৰীকালীন বিভাগত ৩ অক্টোবৰ আবেলি ২.৩০ বজাত চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছিল।

GNRC দিছপুৰলৈ অহাৰ সময়ত তেওঁ জনাইছিল যে, তেওঁ বহুধৰণৰ সমস্যা ভোগ কৰি আছে। ৰাজকন্যা বৰুৱাই চিকিৎসকক জনোৱা অনুসৰি চিকিৎসকৰ এটা দলে তেওঁক পৰীক্ষা কৰিছিল।

1dd49095 14f2 471d b733 5bd90953bc11

ৰাজকন্যাক নিউৰ’লজী বিভাগৰ অধীনত প্ৰাথমিকভাৱে চিকিৎসা কৰা হৈছিল।

তেওঁৰ মানসিক অৱস্থালৈ চাই তেওঁক ৰেফাৰ কৰা হৈছিল নিউৰ’চাইকলজী বিভাগলৈ।

বিজ্ঞপ্তিত কোৱা হয় যে, চিকিৎসা বিজ্ঞানৰ প্ৰটকল অনুসৰি ৰাজকন্যাক চিকিৎসা প্ৰদান কৰা হৈছিল।

Leave a Comment