fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

ভূমিস্খলনৰ মাজতে দুই যমজ শিশুৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুমুখত পৰিল মাতৃ…

নিউজ ডেস্কঃ ‘ৰাখে হৰি মাৰে কোনে?’ -এই আপ্তবাক্যশাৰীয়েই যেন সঁচা প্ৰমাণিত হ’ল দুটি যমজ শিশুৰ ক্ষেত্ৰত।

প্ৰচণ্ড ভূমিস্খলনত মাতৃৰ মৃত্যু ঘটাৰ পিছতো সেই সময়ত মাতৃৰ কোলাত শুই থকা দুটি যমজ শিশুৰ প্ৰাণ ৰক্ষা পৰিল।

এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ চট্টগ্ৰামত।

উল্লেখ্য যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দৰে বাংলাদেশৰো বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি হৈ আছে ধাৰাসাৰ বৰষুণ। এই বৰষুণৰ ফলতে দেশখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ঘটনা।

chattagram

চট্টগ্ৰাম চহৰৰ ১নং আকবৰশ্বাহ আৰক্ষী থানাৰ অন্তৰ্গত লেক বৰিশাল ঘোনাত শুকুৰবাৰে নিশা সংঘটিত ভূমিস্খলনত নিহত হয় শ্বাহিনুৰ বেগম আৰু মাইনুৰ বেগম নামৰ দুই ভগ্নী।

নিশা শুই থকা অৱস্থাতে সংঘটিত ভূমিস্খলনত তেওঁলোকৰ পিতৃ-মাতৃ ক্ৰমে ফজলুল হক আৰু ৰাণু বেগমো গুৰুতৰভাৱে আহত হয়।

কিন্তু দৈৱক্ৰমে এই ভূমিস্খলনত ৰক্ষা পৰে শ্বাহিনুৰ বেগমৰ দুই যমজ শিশুৰ প্ৰাণ।

ভূমিস্খলনৰ সময়ত মাতৃৰ কোলাত শুই থকা শিশু দুটিৰ জীৱন কিদৰে ৰক্ষা পৰিল, তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে বহুতে।

ঐশ্বৰিক শক্তিৰ বলতে যমজ শিশুটিৰ প্ৰাণ ৰক্ষা পৰা বুলিও দাবী কৰে অনেকে।

শ্বাহিনুৰৰ স্বামী তথা পেছাত এগৰাকী ৰিক্সাচালক জয়নাল আবেদিনে জানিবলৈ দিয়া মতে, অলপ বৰষুণ দিলেই তেওঁলোকৰ পৰিয়ালটোৱে পাহাৰৰ দাঁতিৰ ঘৰৰ পৰা গৈ শ্বাহিনুৰৰ ভগ্নী নাৰ্গিছ বেগমৰ ঘৰত আশ্ৰয় লয়।

শুকুৰবাৰেও বৰষুণত পিছতে জয়নাল আবেদিন আৰু তেওঁৰ খুলশালীয়ে গৈ নাৰ্গিছ বেগমৰ ঘৰত আশ্ৰয় লৈছিল।

শ্বাহিনুৰ আৰু পৰিয়ালৰ আন সকল সদস্যই নিশা পলমকৈ নাৰ্গিছৰ ঘৰলৈ যোৱাৰ কথা আছিল যদিও পিছত তেওঁলোকে পাহাৰৰ দাঁতিৰ সেই ঘৰটোতে শুই থাকে।

ইফালে নিশা ভূমিস্খলনৰ খবৰ লাভ কৰাৰ পিছতে শ্বাহিনুৰৰ স্বামী জয়নাল আৰু আন আন স্থানীয় লোকে ঘৰটোত উপস্থিত হৈ আহত পত্নী, খুলশালী আৰু শাহু-শহুৰক উদ্ধাৰ কৰি চট্টগ্ৰাম মেডিকেল কলেজলৈ লৈ যায়। কিন্তু হাস্পতাল পোৱাৰ পিছতে শ্বাহিনুৰ আৰু মাইনুৰক মৃত ঘোষণা কৰে চিকিৎসকে।

আনহাতে ভয়ংকৰ ভূমিস্খলনৰ পিছতো গাত অলপো আচোৰ নপৰাকৈ উদ্ধাৰ কৰা হয় যমজ শিশু দুটিক।

বৰ্তমান দুয়োটা শিশু সম্পূূৰ্ণ সুস্থ হৈ আছে আৰু শ্বাহিনুৰৰ ভগ্নী নাৰ্গিছৰ কন্যা ইয়াছমিন আখতাৰে শিশু দুটিৰ চোৱাচিতা কৰি আছে বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!