fbpx
অসমীয়াৰাষ্ট্ৰীয়

ৰাইফল, গুলীসহ পঞ্জাৱ সীমান্তত পুনৰ পাক ড্ৰোন! আকাশমাৰ্গতে ধ্বংস কৰিলে BSFৰ জোৱানে…

নিউজ ডেস্কঃ সীমান্তৰ সিপাৰৰ পৰা পুনৰ পঞ্জাৱৰ আকাশত প্ৰৱেশ পাকিস্তানী ড্ৰোনৰ।

বৃহস্পতিবাৰে পঞ্জাৱৰ গুৰুদাসপুৰৰ পাক সীমান্তৱৰ্তী নবীনগড় গাঁৱৰ আকাশত ড্ৰোনখন প্ৰত্যক্ষ কৰাৰ পিছতে সন্ত্ৰষ্ট হৈ পৰে নিৰাপত্তাৰক্ষীয়ে।

ইয়াৰ পিছতে আকাশ মাৰ্গতে গুলীয়াই ড্ৰোনখন ধ্বংস কৰিবলৈ সক্ষম হয় বিএছএফৰ জোৱানে।

পাক ড্ৰোনখনৰ পৰা এটা এ কে ছিৰিজ ৰাইফল, দুটা মেগজিন আৰু ৪০টা গুলী উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহতো গুৰুদাসপুৰত নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰিবলৈ সক্ষম হৈছিল এখন পাকিস্তানী ড্ৰোন।

নিৰাপত্তাৰক্ষীয়ে সেই ড্ৰোনখনৰ পৰা কেইবাটাও পিষ্টল, মেগজিন আৰু কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, পাক সীমান্তৱৰ্তী অঞ্চলত অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ জাতীয় সামগ্ৰী সৰবৰাহৰ বাবে বিগত কিছু দিনত ড্ৰোনৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে পাকিস্তানে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!