
নিউজ ডেস্কঃ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰুমী কাকতিৰ মৃত্যুক লৈ সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ।
দুদিন পূৰ্বে নলবাৰীৰ শুশ্ৰুষা হাস্পতালত সন্তান জন্ম দিয়াৰ এদিন পিছতে ৰহস্যজনকভাৱে মৃত্যু ঘটা ড০ ৰুমী কাকতিৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে বিভিন্ন দল-সংগঠন তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।
জানিব পৰা মতে, অতি অমায়িক স্বভাৱৰ ড০ ৰুমী কাকতিৰ মৃত্যুৰ তদন্ত বিচাৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নলবাৰী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰিছে।

ইফালে অধ্যাপিকাগৰাকীৰ মৃত্যুৰ বাবে আওপকীয়াকৈ অভিযোগৰ আঙুলি উঠিছে তেওঁৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধেও।
উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰসূতিজনিত কাৰণত শুশ্ৰুষা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৰুমী কাকতিক।
হাস্পতালত তেওঁ এটি সন্তান জন্ম দিয়ে। সেই সময়লৈকে সকলো ঠিকেই আছিল যদিও এদিন পিছতে হঠাৎ তেওঁ অসুস্থ হৈ পৰাত আইচিইউত ভৰ্তি কৰোৱা হয়। কিন্তু বিয়লিৰ ভাগলৈ চিকিৎসকে ড০ ৰুমী কাকতিৰ মৃত্যু হোৱা বুলি জনায়।
ইয়াৰ পিছতে চিকিৎসকৰ ভুলৰ বাবেই অধ্যাপিকাগৰাকীৰ মৃত্যু ঘটা বুলি অভিযোগ তুলি হাস্পতাল চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁৰ স্বামী তথা পৰিয়ালে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হাস্পতালত আৰক্ষীও মোতায়েন কৰিবলগীয়া হয়।
অন্যহাতে দিন বাগৰাৰ লগে লগে ড০ ৰুমী কাকতিৰ মৃত্যুক লৈ ৰহস্য যেন গভীৰ হৈ পৰিছে।
অধ্যাপিকাগৰাকীৰ মৃত্যুৰ পিছত স্বামী গৃহই মৰণােত্তৰ পৰীক্ষা নকৰাকৈয়ে নিশাই মৃতদেহ সৎকাৰ কৰাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অভিযোগ অনুসৰি, স্বামী গৃহত যথেষ্ট শাৰীৰিক, মানসিক আৰু আৰ্থিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল অধ্যাপিকা ড০ ৰুমী কাকতি। যাৰ বাবে তেওঁৰ হাস্পতালত আকস্মিক মৃত্যুৰ পিছত স্বামী জয়ন্ত কলিতা আৰু স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছে।