অসম

ৰহস্যজনক! তিনিদিন ধৰি সন্ধানহীন আৰক্ষী কনিষ্টবল চন্দন বৈশ্য, শৰাইঘাট দলঙত উদ্ধাৰ বাহন…

এক চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনকভাৱে সন্ধানহীন এগৰাকী আৰক্ষী কনিষ্টবল।

সন্ধানহীন কনিষ্টবলজন নলবাৰীৰ আৰক্ষীৰ চন্দন বৈশ্য বুলি জানিব পৰা গৈছে।

আসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত আছিল চন্দন বৈশ্য।

তিনিদিন ধৰি সন্ধান নাই এইজন বিশেষ শাখাৰ কনিষ্টবল চন্দন বৈশ্যৰ।

ইপিনে অতি ৰহস্যজনক ভাৱে শৰাইঘাট দলঙৰ উদ্ধাৰ হৈছে চন্দন বৈশ্যৰ ব্যৱহৃত বাহনখন।

পুত্ৰ সন্ধানহীন হোৱা খবৰ লাভ কৰাৰে পৰা কান্দোনত ভাগি পৰিছে চন্দনৰ বৃদ্ধ পিতৃ-মাতৃ।

নলবাৰী শান্তিপুৰস্থিত চন্দনৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

যোৱা দেওবাৰে বৰ্ষাপাৰাত অনুস্থিত হোৱা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা ক্ৰিকেট খেলত দায়িত্বৰ বাবে নলবাৰীৰ পৰা গুৱাহাটীলৈ পঠিয়াইছিল চন্দনক।

পিছে ১ অক্টোবৰৰ সন্ধিয়া শৰাইঘাট দলঙত চন্দনৰ হোণ্ডাই বাহনখন ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Articles

Back to top button