অসম

ৰঞ্জন দৈমাৰীক মুকলি কৰি নিদিয়াৰ আঁৰত আছে ৰাজনৈতিক অভিসন্ধিঃ ভগ্নী অঞ্জলী দৈমাৰী…

অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ বাহাল ৰখাক লৈ অসন্তুষ্ট অসন্তুষ্ট ভগ্নী অঞ্জলী দৈমাৰী।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে আশ্চৰ্য প্ৰকাশ কৰিছে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে।

অঞ্জলী দৈমাৰীয়ে কয় যে, ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই বোমা দিয়াৰ কোনো সাক্ষ্য প্ৰমান নাই বুলি কৈছে। বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে তেওঁক ৰেহাই দিয়াটো উচিত আছিল।

ৰঞ্জন দৈমাৰীক মুকলি কৰি দিলে ৰাজনৈতিক স্বাৰ্থত ব্যাঘাত হ’ব আৰু সেইকাৰণে ৰেহাই নিদিয়াৰ এয়া এক ৰাজনৈতিক অভিসন্ধি বুলি মন্তব্য প্ৰকাশ কৰে ভগ্নী অঞ্জলী দৈমাৰীয়ে।

তেওঁ লগতে কয়। বি টি আৰ চুক্তিৰ অন্যান্য স্বাক্ষৰকাৰীসকলে যেনে ভূমিকা ল’ব লাগিছিল সেয়া লোৱা দেখা নগ’ল। স্বাক্ষৰকাৰীক ৰেহাই নিদিয়া চুক্তিখন কেনেকৈ শান্তিৰ চুক্তি হ’ব পাৰে?

যদিহে ৰঞ্জন দৈমাৰী আইনবিৰোধী আছিল তেনেহলে কেনেকৈ জেলৰ পৰা উলিয়াই বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিলে বুলি মন্তব্য কৰে অঞ্জলী দৈমাৰীয়ে।

উল্লেখ্য যে, মঙলবাৰে শুনানিৰ অন্তত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৩০/১০ৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।

Related Articles

Back to top button