৫৩ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুণমুগ্ধ, দলীয় নেতা-কৰ্মীয়ে জনালে জন্মদিনৰ শুভেচ্ছা

নিউজ ডেস্ক। আজি ৫৩ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জনপ্ৰিয় আৰু দক্ষ মুখ্যমন্ত্ৰীৰূপে নাম অৰ্জন কৰা হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ বছৰীয়া জন্মদিনটোত শুভকামনাৰে উপচাই পেলাইছে তেওঁৰ অসংখ্য গুণমুগ্ধই।

55

পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতাসকলে টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জ্ঞাপন কৰে জন্মদিনৰ শুভকামনা।

ইফালে নিশা ১২ বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীৰ অগণন অনুৰাগী আৰু দলীয় নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গুণমুগ্ধ আৰু দলীয় নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰীক জনায় জন্মদিনৰ শুভেচ্ছা।

FKfa56-UYAE7w-q

আনহাতে জন্মদিনৰ এই বিশেষ ক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ আশীষ লয়।

তাতো অগণন গুণমুগ্ধই তেওঁক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।

FKfa5k-XVQAAf8-n

৫৩ বছৰত ভৰি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাগে লাহে শাৰীৰিক উদ্যম হেৰুৱাই পেলাইছে নেকি?

এই প্ৰশ্ন যেতিয়া সাংবাদিকে তেওঁক সোধে, তাৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমবাসীৰ মৰম, আশীৰ্বাদ আৰু শুভকামনা তেওঁৰ লগত সদায় আছে, সেয়ে তেওঁ কাম কৰি যাবলৈ শক্তি লাভ কৰি আহিছে।

FKf4w-R5ac-AIAp-N9

আগন্তুক সময়তো তেওঁ ৰাইজৰ পৰা মৰম, আশীৰ্বাদ আৰু শুভকামনা শিৰৰ ওপৰত বিচাৰি জীৱনৰ এই বিশেষ দিনটোত ৰাইজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment