১৮ নৱেম্বৰত বৰাকত ১২ ঘন্টীয়া বন্ধৰ আহ্বান…

১৮ নৱেম্বৰত বৰাকত ১২ ঘন্টীয়া বন্ধৰ আহ্বান।

পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বৰাক বন্ধৰ আহ্বান কৰিছে বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে।

বৰাকৰ নিবনুৱাৰ প্ৰতি বৈষম্য আৰু শ্বিলঙত বঙালী নিৰ্যাতনৰ প্ৰতিবাদত বৰাক বন্ধৰ আহ্বান কৰিছে বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে।

বিডিএফ নেতা প্ৰদীপ দত্ত ৰয়ে সংবাদ মেলযোগে এই বন্ধৰ কথা ঘোষণা কৰিছে।

ইয়াৰোপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বৰাকৰ প্ৰতি বৈষম্য কৰা হৈছে বুলি প্ৰদীপ দত্তই অভিযোগ কৰিছে ৷

উল্লেখ্য যে দুই পদৰ নিযুক্তি পৰীক্ষাত বৰাকত তিনি শতাংশ নিবনুৱায়ো স্থান পোৱা নাই ৷ অথচ এপিএছছিত বৰাকৰ মেধাবী সকল জিলিকিছে।