হেণ্ডিমেনৰ প্ৰহাৰত চলন্ত গাড়ীৰ তলত সোমাই চাইকেল আৰােহী যুৱকৰ মৃত্যু

নিউজ ডেস্ক। এক শিহৰণকাৰী পথ দুৰ্ঘটনা।

সামান্য কথাক লৈ চলন্ত অৱস্থাতে বাছৰ হেণ্ডমেনে প্ৰহাৰ কৰিলে চাইকেল আৰোহী যুৱকক।

লগে লগে মাটিত ছিটিকি পৰা যুৱকজনক মহটিয়াই নিলে বাছখনে। এই দুৰ্ঘটনাত মৃত্যু হ’ল চাইকেল আৰােহী যুৱকজনৰ।

এই ঘটনাৰ স্থান গোলাঘাটৰ মইনাপাৰাত।

1-copy

জানিব পৰা মতে, নিহত যুৱকজনৰ নাম লক্ষ্যধৰ কলিতা (৩৮)।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ পৰা গোলাঘাট অভিমুখী ৭০৯ চলন্ত যাত্রীবাহী বাছ এখনৰ হেণ্ডিমেনজনে একে দিশত বন্ধুৰ সৈতে চাইকেলেৰে গৈ থকা লক্ষ্যধৰ কলিতা নামৰ যুৱকজনক অতিক্রম কৰাৰ সময়ত কথাৰ কটাকটিত লিপ্তহৈ তেওঁক গালত এটা চৰ শোধায় ৷

গতিময় অৱস্থাত থকা গাড়ীৰ পৰা চৰ শোধোৱাত চাইকেল আৰোহী লক্ষ্যধৰ মাটিত ছিটিকি পৰে আৰু তেওঁৰ ওপৰেদি তীব্রবেগী যাত্রীবাহী বাছখনৰ চকা পাৰ হৈ যোৱাত থিতাতে তেওঁৰ মৃত্যু হয়।

লক্ষ্যধৰ কৰ্মসূত্রে গোলাঘাটৰ কৃষ্ণ নগৰৰ নিৱাসী যদিও তেওঁৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে।

ঘটনা সংঘটিত কৰি বাছখন সেই স্থানৰ পৰা পলায়ন কৰে।

অৱশ্যে পাছত গােলাঘাট আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাছখন।

লগতে চাওকঃ

ৰাজনৈতিক ইনিংছ আৰম্ভ হ’ল মণিপুৰৰ চুপাৰ ক’প থৌনাওজাম বৃন্দাৰ

G2

কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ

G02

Leave a Comment