নিউজ ডেস্কঃ বাল্টিঙত থকা পানীৰে খেলি থকা সময়তে বাল্টিঙৰ ভিতৰত ওলোটাকৈ সোমাই মৃত্যুক সাৱটিবলগীয়া হ’ল এটি ডেৰ বছৰীয়া কণমানিয়ে।
এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মাজুলীৰ চেলেক নলদোৱাত।
কণমানি দেৱশিশুটিৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে গোটেই অঞ্চলবাসীক।
নিহত শিশুটিক অতুল কুলী আৰু পল্লৱী কুলীৰ সন্তান ময়াং কুলী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, আধা ভৰ্তি এটা প্লাষ্টিকৰ বাল্টিঙৰ কাষতে খেলি আছিল কণমানি মায়ঙে।
সেই সময়ত মাতৃ অথবা পৰিয়ালৰ আন কোনো সদস্যই শিশুটিৰ কাষত নাছিল।
সম্ভৱতঃ শিশুটিয়ে বাল্টিঙত থকা পানীখিনি চুবলৈ চেষ্টা কৰোতেই উবুৰি খাই বাল্টিঙৰ ভিতৰত সোমাই পৰে।
যাৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে কণমানি মায়ঙৰ।
ডেৰ বছৰীয়া শিশুটিৰ মৃত্যুত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ আৰু পৰিয়াল।