হাত-ভৰি নথকাকৈও ব্যস্ত ৰাজপথত চলায় বাহন, চাকৰিৰ অফাৰ দিলে আনন্দ মহিন্দ্ৰাই

নিউজ ডেস্ক। এজন সম্পূৰ্ণৰূপে বিকলাংগ ব্যক্তি! তেওঁৰ দুই হাত নাই, নাই দুভৰিও। তথাপিও জীৱনৰ তাড়নাত তেওঁ কষ্ট কৰে। স্কুতিৰ ইঞ্জিনেৰে নিৰ্মান কৰি উলিওৱা এখন বিশেষ বাহন চলাই ৰাজপথৰে নিজৰ কৰ্মস্থলীলৈ ৰাওনা হয় আন সাধাৰণ লোকৰ দৰেই।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই বিশেষভাৱে সক্ষম ব্যক্তিজনৰ এটা ভিডিঅ’ই লাখ লাখ সুস্থ সবল নেটিজেনক জীৱনৰ নতুন সংজ্ঞা প্ৰদান কৰাই নহয়, “অভাৱেই আৱিষ্কাৰৰ মূল” আপ্ত বাক্যশাৰীও যেন প্ৰমাণ কৰি দেখুৱাইছে।

অৱশ্যে এই ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ সেয়া স্পষ্ট নহলেও দীঘলীয়া ভিডিঅ’টোত দেখা পোৱা আন বাহনৰ পঞ্জীয়ন নম্বৰলৈ চাই সেয়া দিল্লীৰ ভিডিঅ’ বুলি অনুমান কৰা হৈছে।

ভিডিঅ’টোত নাম নজনা বিশেষভাৱে সক্ষম ব্যক্তিজনক দেখা গৈছে এখন বিশেষ বাহনৰ চালকৰ আসনত। ভিডিঅ’কৰ্তাৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কোৱা শুনিবলৈ পোৱা গৈছে- “মোৰ এগৰাকী পত্নী, দুটা সৰু ল’ৰা-ছোৱালী আৰু এজন বৃদ্ধ পিতৃ আছে… সেয়েহে মই উপাৰ্জন কৰিবলৈ বাহিৰলৈ যাওঁ।”

তেওঁ যোৱা ৫ বছৰ ধৰি সেই বিশেষ বাহনখন চলাই থকা বুলিও মন্তব্য কৰে। ভিডিঅ’টোত হাত-ভৰি নথকা স্বত্বেও কিদৰে তেওঁ বাহনখন চলাব পাৰে, সেয়াও দেখুৱায় আৰু সকলোবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জনায়।

নিজৰ অক্ষমতাক শক্তিৰ ৰূপ দিয়া বিশেষভাৱে সক্ষম ব্যক্তিজনৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে মহিন্দ্ৰা গ্রুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই।

ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, “আজি মোৰ টাইমলাইনত এইটো পাইছো। এইটো কিমান পুৰণি বা ক’ৰ পৰা আহিছে নাজানো, কিন্তু মই এই ভদ্ৰলোকজনৰ কাৰ্যত আচৰিত হৈছোঁ। যি কেৱল তেওঁৰ বিকলাঙ্গতাৰ সন্মুখীন হৈ থকা নাই, কিন্তু তেওঁৰ যি আছে তাৰ বাবে কৃতজ্ঞ হৈছে।”

5885

আনন্দ মহিন্দ্ৰাই তেওঁৰ সহকৰ্মী ৰাম আৰু মহিন্দ্ৰা লজিষ্টিকছক টেগ কৰি সোধে, “ৰাম, তেওঁক লাষ্ট মাইল ডেলিভাৰীৰ বাবে ব্যৱসায়িক সহযোগী বনাব পাৰিবনে?”

উদ্যোগপতিগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে মন্তব্য শাখাত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে বিশেষভাৱে সক্ষম ব্যক্তিজনক দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত দেখা পোৱা বুলি দাবী কৰে। অৱশ্যে ভিডিঅ’ প্ৰকৃততে কোন ঠাইৰ, সেয়া এতিয়াও স্পষ্ট নহয়।

উল্লেখ্য যে, জানুৱাৰীত মহিন্দ্ৰা লজিষ্টিকছে ছয়খন চহৰত বৈদ্যুতিক লাষ্ট মাইল ডেলিভাৰী সেৱা আৰম্ভ কৰিছে।

প্ৰণিধানযোগ্য যে, টুইটাৰ ৮.৫ নিযুত ফল’ৱাৰ থকা আনন্দ মহিন্দ্ৰাই প্ৰায়ে স্থানীয় প্ৰতিভাক অগ্ৰাধিকাৰ দিয়াৰ লগতে সময়ে সময়ে সহায়ৰ হাত আগবঢ়াই আহিছে। এই মাহৰ আৰম্ভণিতে, তেওঁ মহাৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে পেলনীয়া সামগ্ৰীৰে এখন বলেৰ’ সদৃশ বাহন নিৰ্মান কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰি ব্যক্তিজনক মহিন্দ্ৰা গ্ৰুপৰ তৰফৰ পৰা এখন বলেৰ’ বাহন উপহাৰ দিয়াৰ ঘোষণা কৰিছিল।

Leave a Comment