অসম

হাতত ঝাড়ু লৈ শিৱসাগৰত চাফাই অভিযানত নামিল বিধায়ক অখিল গগৈ…

শিৱসাগৰত হাতত ঝাড়ু লৈ চাফাই অভিযানত নামিল বিধায়ক অখিল গগৈ।

শুকুৰবাৰে পুৱা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে।

সমগ্ৰ শিৱসাগৰ নগৰখনক সুন্দৰ, স্বচ্ছ, পৰিচ্ছন্ন কৰি তুলিবলৈ আজিৰে পৰা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ নামেৰে এমহীয়া কাৰ্যসূচী আৰম্ভ কৰিছে বিধায়ক গৰাকীয়ে।

য’ত হাতত ঝাড়ু লৈ নিজেই চাফাই অভিযানত নামি পৰা দেখা গ’ল বিধায়কগৰাকী।

চাফাই অভিযানত পৌৰকৰ্মীৰ লগতে ৰাইজৰ দলৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে।

অখিল গগৈয়ে কয়- আমাৰ মূল উদ্দেশ্য হ’ল অহা পাঁচ বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে প্ৰতিষ্ঠা কৰা। ইয়াৰ প্ৰাৰম্ভিক কাম হিচাপে আমি ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ নামেৰে এটা কাৰ্যসূচী শুভাৰম্ভ কৰিছো।

লগতে কয়- মূল চাৰিটা দিশৰ ওপৰত এই এমাহত গুৰুত্ব দিয়া হ’ব। য’তে ততে পেলাই থোৱা জাবৰ–জোঁথৰসমূহ আঁতৰাই পৰিষ্কাৰ কৰা। দ্বিতীয়তে বিভিন্ন স্থানত যি অলাগতীয়াল বন–লতা গজি জংঘল হৈ পৰিছে সেইবিলাক চাফা চিকুণ কৰা, নলা–নৰ্দমা সমূহ পৰিষ্কাৰ কৰা, যাতে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পাব পাৰি আৰু ডাম্পিং গ্ৰাউণ্ডৰ পৰা যিবিলাক আৱৰ্জনা ৰাষ্ট্ৰীয় ঘাইপথত পৰিছেহি সেইবিলাক আঁতৰাই পৰিষ্কাৰ কৰা।

এই মাহজোৰা কাৰ্যসূচীত সৰ্বসাধাৰণ ৰাইজৰো সহযোগিতা কামনা কৰিছে বিধায়কগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *