fbpx
অসম

সৰ্বানন্দ সোণোৱালে তেওঁৰ বিভাগৰ জাহাজ এতিয়া গুৱাহাটীৰ পথতে চলাব পাৰিবঃ অখিল গগৈ…

কৃত্ৰিম বান আৰু ভূমিস্খলনত ফলত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে গুৱাহাটী মহানগৰী।

সোমবাৰৰ নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী।

কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত এইপৰ্যন্ত গুৱাহাটীত মৃত্যু মুখত পৰিছে ৫ জনকৈ লোকে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।

তেওঁ কয়- গুৱাহাটী এতিয়া সাগৰত পৰিণত হৈছে। কৃত্ৰিম বানত গুৱাহাটী, ৰে’ল ষ্টেচনত ১ ফুট পানী। এয়া বিজেপি চৰকাৰৰ দিনতে সম্ভৱ। সৰ্বানন্দ সোণোৱালে তেওঁৰ বিভাগৰ জাহাজ এতিয়া গুৱাহাটীৰ পথতে চলাব পাৰিব।

লগতে কয়- ৫ বছৰ গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। ২২ বছৰৰ পৰ‍া ৰাজত্ব কৰাৰ পিছতো গুৱাহাটীৰ কৃত্ৰিম বান সমাধান কৰিব নোৱাৰিলে। গুৱাহাটীৰ সকলো অঞ্চলত গৈ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই।

হাইলাকান্দি আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, তিনিদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ কাৰ্যসূচীৰে হাইলাকান্দিত উপস্থিত হোৱা ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ অনুষ্ঠানত বাধা আৰক্ষীৰ। বৰাক উপত্যক‍াৰ তিনি জিলাত ১৪৪ ধাৰা বলৱৎ থকাৰ বাবে আৰক্ষীয়ে বন্ধ কৰি দিয়ে অখিল গগৈৰ সভা।

এই সন্দৰ্ভত তেওঁ কয়- হাইলাকান্দিৰ সভাৰ বাবে তেওঁলোকে আগতীয়‍‍া অনুমতি লৈছিল। কিন্তু ইয়‍াৰ পিছতো আৰক্ষীয়ে এট‍া গণতান্ত্ৰিক অনুষ্ঠানত বাধা প্ৰদান কৰিছে। এয়া ৰাষ্ট্ৰসন্ত্ৰাস। দেশজুৰি বৰ্তমান স্বৈৰতন্ত্ৰ, হিটলাৰবাদ চলিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!