fbpx
অসম

সৰিয়হ ডুলিতে ভূত! ট্ৰাকত ডকাইতি কৰোঁতে হাতে-লোটে ধৰা পৰিল আৰক্ষী জোৱানসহ ৪ যুৱক…

এক চাঞ্চল্যকৰ ঘটনা।

ট্ৰাকৰ পৰা ডকাইতি কৰোঁতে হাতে-লোটে ধৰা পৰিল আৰক্ষী জোৱানসহ ৪ যুৱক।

অভয়াপুৰীৰ দেওহাটীত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

দেওহাটী ৰে’লৱে ক্ৰছিঙত  চিমেণ্ট কঢ়িওৱা AS 17B  0259 আৰু AS17B 2392 নম্বৰৰ  দুখন ১২ চকীয়া ট্ৰাক ৰখাই ডকাইতি কাৰ্য কৰি থকা অৱস্থাতে আৰক্ষীয়ে হাতে–লোটে কৰায়ত্ত কৰে আৰক্ষী জোৱানসহ ৪ জনীয়া যুৱকক।

ধৃত যুৱককেইজন অভয়াপুৰী দেওহাটীৰ কন্দৰ্প দেৱ, সুৰজিৎ ৰায়,মুনীন্দ্ৰ ৰায় আৰু লীলাৱন্ত দেৱ।

ধৃত কন্দৰ্প দেৱ 22 IRBN ৰ জোৱান।

কলগাছিয়াৰ পৰা যোগীঘোপা অভিমুখী ট্ৰাক দুখনক যুৱকৰ দলটোৱে আগভেটি ধৰি ধন দাবী কৰে ৷

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!