fbpx
অসমঅসমীয়া

সোণৰ চাহ! বজাৰলৈ আহিল আঢ়ৈ লাখ মূল্যৰ এই চাহ, প্ৰস্তুত কৰি উলিয়ালে এগৰাকী অসমীয়াই

নিউজ ডেস্কঃ ভাগৰ হওক বা অৱসাদ, আনন্দমুখৰ হওক বা ভাৱগধুৰ মন- সকলো সময়তে ভাৰতীয়ৰ প্ৰথম পচন্দ একাপ চাহ। লাহে লাহে ভাৰতৰ চাহে এতিয়া বহিঃৰাষ্ট্ৰতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে বৃদ্ধি পাইছে ভাল চাহৰ চাহিদা।

চাহৰ এনে চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভিন্নজনে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই প্ৰস্তুত কৰি আহিছে বেলেগ বেলেগ প্ৰকাৰৰ ভিন্ন সোৱাদযুক্ত চাহ। তেনেদৰেই অসমৰ এগৰাকী চাহ ব্যৱসায়ীয়ে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ ধৰণৰ ‘সোণৰ চাহ’।

খাদ্যপোযোগী বিশুদ্ধ সোণৰ ফ্লেক্সেৰে নিৰ্মাণ কৰা এই ‘গ’ল্ডেন টি’ বা সোণৰ চাহৰ বজাৰ মূল্য প্ৰতি কিলোগ্ৰামত ২.৫ লাখ টকা ধাৰ্য কৰা হৈছে।

Assam entrepreneur launches tea made of 24 carat edible gold flakes, check  cost - India News

‘স্বৰ্ণ পানম’ নামৰ এই বিশেষ চাহবিধ প্ৰস্তুত কৰা হৈছে 24 কেৰেট খোৱা সোণৰ সূক্ষ্ম পাহি, মৌ, অসমৰ বিৰল ক’লা চাহ, সৰ্বশ্ৰেষ্ঠ চাহৰ কোমল পাতৰ সৈতে। সম্পূৰ্ণ পৰম্পৰাগতভাৱে এই চাহ নিৰ্মাণ কৰা হৈছে।

২৪ কেৰেট সোণৰ সৈতে ভাৰতৰ একমাত্ৰ সোণালী চাহ ‘স্বৰ্ণ পানম’ ২১ মে’ত আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে ‘আৰোমিকা টি’ নামৰ টি ষ্টাৰ্ট-আপৰ কোম্পানী এটাৰ দ্বাৰা মুকলি কৰা হয়। স্বৰ্ণ পানম চাহ চিৰামিক বগা সোণৰ পাত্ৰত বিশেষ ভাৱে পেক কৰি বিক্ৰীৰ বাবে সাজু কৰা হৈছে। চাহবিধৰ প্ৰতি ১০০ গ্ৰামৰ বাকচটোৰ মূল্য হৈছে ২৫ হাজাৰ টকা।

At Rs 2.5 Lakh a Kilogram, This Assam Blend With Real Gold Flakes is Not  Everyone's Cup of Tea

স্বৰ্ণ পানম প্ৰস্তুত কৰা আৰোমিকা টিৰ সঞ্চালক ৰঞ্জিত বৰুৱাই কয়, “এই চাহে চাহপ্ৰেমী সকলক এক অনন্য সোৱাদ প্ৰদান কৰিব আৰু খাদ্যৰ উপযোগী ২৪ কেৰেট সোণে গ্ৰাহকক এক সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰিব। চাহৰ সোৱাদ আৰু মানদণ্ড যথেষ্ট উন্নত কৰা হৈছে। আমি আশা কৰোঁ যে ৰাইজে এই চাহ ভাল পাব।”

তেওঁ লগতে কয়, “আমি ফ্ৰান্সৰ পৰা খোৱা সোণৰ পাহি আমদানি কৰিছো আৰু এই ব্ৰেণ্ডটোৰ বাবে এক উচ্চ মানদণ্ডৰ অৰ্থোডক্স চাহ প্ৰস্তুত কৰিছো। আমি চাহ আৰু সোণৰ অনুৰাগী গ্ৰাহকসকলক লক্ষ্য কৰি লৈছো। চাহবিধ মুকলি কৰাৰ পূৰ্বে আমি ১২ টা অৰ্ডাৰ পাইছিলো, যি আমাক যথেষ্ট উৎসাহিত কৰিছিল। আমি শীঘ্ৰেই ইয়াক ৰপ্তানি কৰা আৰম্ভ কৰিম।”

উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিলৈ বীৰত্ব আৰু সাহসৰ সন্মান হিচাপে ৰঞ্জিত বৰুৱাই জেলেনস্কিৰ নামত চিটিচি চাহ মুকলি কৰি যথেষ্ট চৰ্চা লাভ কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!