ৰাষ্ট্ৰীয়অসমীয়া

সুদূৰ জাৰ্মানীৰ পৰা গ্ৰেপ্তাৰ লুধিয়ানা আদালতত বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড!

নিউজ ডেস্ক। ২৩ ডিচেম্বৰত পঞ্জাৱৰ লুধিয়ানা জিলা আদালতত চৌহদত সংঘটিত বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড জচবিন্দৰ সিং মুলতানক জাৰ্মানত গ্ৰেপ্তাৰ কৰা হৈছে।

খবৰ অনুসৰি, ভাৰতে বাৰ্লিনত সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহক বিস্ফোৰণকাণ্ডৰ প্ৰমাণ ভাগ বতৰা কৰাৰ পিছতে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়। ইফালে অভিযুক্ত জচবিন্দৰ সিং মুলতান শিখছ ফ’ৰ জাষ্টিছ (এছএফজে) নামৰ এটা সংগঠনৰ শীৰ্ষ সদস্য বুলি জানিব পৰা গৈছে।

FHWfy-Z-Vg-AIx8-IS

আনহাতে, মুলতানে আন্তৰ্জাতিক সীমাৰ জৰিয়তে পাকিস্তানৰ পৰা অধিক বিস্ফোৰক অনাৰ ষড়যন্ত্ৰ কৰি আছিল আৰু ভাৰতৰ আন প্ৰান্ততো একে ধৰণৰ বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে এই বছৰৰ অক্টোবৰত পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাৰ খেমকৰণ অঞ্চলত বৃহৎ পৰিমাণৰ অস্ত্ৰ সৰবৰাহ কাণ্ডৰ আঁৰতো মুলতান জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

FHr-Jp-O3-Vc-AEAh-HH

উল্লেখ্য যে, পঞ্জাৱ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ২০ অক্টোবৰত খেমকৰণ অঞ্চলত অভিযান চলাই ভাৰত-পাকিস্তান সীমান্তৰ ওচৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল। অভিযানকাৰী দলটোৱে ২২ টা পিষ্টল, ৪৪ টা মেগাজিন আৰু ১০০ ৰাউণ্ড গোলা বাৰুদ উদ্ধাৰ কৰাৰ লগতে এক কিলোগ্ৰাম হেৰোইনো জব্দ কৰিবলৈ সক্ষম হৈছিল।

বাতৰি অনুসৰি, পাকিস্তানৰ ইণ্টাৰ চাৰ্ভিচেছ ইন্টেলিজেন্স (আইএছআই)ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে জচবিন্দৰ সিং মুলতানৰ। আইএছআইৰ সহযোগিতাতে ভাৰতৰ বিভিন্ন প্ৰান্তত কূটাঘাত সৃষ্টিৰ পৰিকল্পনা কৰিছিল এইজন অভিযুক্তই।

প্ৰণিধানযোগ্য যে, ২৩ ডিচেম্বৰৰ দুপৰীয়া প্ৰায় ১২.২২ বজাত লুধিয়ানাৰ জিলা আৰু সত্ৰ আদালত চৌহদৰ দ্বিতীয় মহলাৰ এটা বাথৰুমত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণৰ ঘটনা।

ঘটনাটোৰ তদন্ত কৰি থকা সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহে দাবী কৰিছিল যে পঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন হেড কনিষ্টবল গগনদ্বীপ সিঙেই আদালত চৌহদত বোমাটো স্থাপন কৰিছিল। কিন্তু বোমাটোৰ আকস্মিক বিস্ফোৰণত গগনদ্বীপ সিঙৰো ঘটনাস্থলীতে মৃত্যু ঘটে।

FHRz6w-UVUAMbyz-G

বাতৰি অনুসৰি, দূৰ্গ ডিলাৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল হেড কনিষ্টবল গগনদ্বীপ সিঙক। তেওঁৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু ২০১৯ চনত দুবছৰ কাৰাদণ্ডৰ শাস্তি বিহা হয়।

বিস্ফোৰণ কাণ্ডৰ তদন্তত তদন্তকাৰী দলে বিস্ফোৰণৰ আঁৰত পাকিস্তানীৰ আইএছআই জড়িত থকাৰ তথ্য লাভ কৰে। তদন্তকাৰী দলৰ মতে গগনদ্বীপ সিঙৰ সৈতে যোগাযোগত আছিল আইএছআই। অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে জাৰ্মানীত অৱস্থিত এছএফজে সদস্য হৰবিন্দৰ সিং আৰু জচবিন্দৰ সিং মুলতানৰ ভূমিকা বিচাৰি পাইছিল।

Related Articles

Leave a Reply

Back to top button