fbpx
অসমীয়াৰাষ্ট্ৰীয়

সাফল্যৰ অন্য এক কাহিনী! কন্যাৰ সৈতে একেলগে SI পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন মাতৃৰো…

নিউজ ডেস্কঃ লক্ষ্য যদি সুদৃঢ় হয়, তেন্তে ৰুধিব পাৰে কোনে?

প্ৰবল ইচ্ছাশক্তি, অধ্যাৱসায় আৰু পৰিশ্ৰমে একেলগেই লক্ষ্যত উপনীত কৰোৱালে এহাল মাতৃ-কন্যাক।

বসয় যে কেৱল এটা সংখ্যাহে, সেই কথাই প্ৰমাণিত কৰি কন্যাৰ সৈতে একেলগে তেলেংগানা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ মাতৃয়েও লাভ কৰিলে সফলতা।

এই প্ৰেৰণাদায়ক কাহিনী তেলেংগানাৰ।

ৰাজ্যখনৰ খাম্মাম জিলাৰ নেল্লাকোণ্ডাপল্লী মণ্ডলৰ চেন্নাৰাম গাঁৱৰ মাতৃ-কন্যাৰ যুটিটোৱে বুধবাৰে সফলতা অৰ্জন কৰে উপ-পৰিদৰ্শকৰ শাৰীৰিক পৰীক্ষাতো।

বাতৰি অনুসৰি বুধবাৰে খাম্মামৰ পুলিচ পেৰেড খেলপথাৰত শতাধিক পৰীক্ষাৰ্থীয়ে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

এই প্ৰাৰ্থীসকলৰ মাজত এহাল মাতৃ-কন্যাৰ ওপৰত দৃষ্টি নিবদ্ধ হয় সকলোৰে।

চেন্নাৰাম গাঁৱৰ মাতৃ-কন্যাৰ যুটিয়ে একেলগে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

মাতৃ ডাৰেলি নাগামণি আৰু তেওঁৰ কন্যা ত্ৰিলোকিনী বিয়ে একেলগে লাভ কৰে সফলতা।

জানিব পৰা মতে, নাগমণিয়ে ২০০৫-২০০৬ চনলৈ অংগনবাড়ী কৰ্মী হিচাপে কাম কৰিছিল।

ইয়াৰ পিছত তেওঁ হোম গাৰ্ডত যোগদান কৰে আৰু ২০২০ চনত কনিষ্টবল হয়।

ভলীবল, কাবাডী, হেণ্ডবল, খো খো আদি খেলৰ প্ৰতি আগ্ৰহী নাগমণি।

পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ তেওঁ বহু কাম কৰিছিল।

বিভাগীয় ক্ৰীড়াত প্ৰতি বছৰে খিতাপ দখল কৰে নাগমণিয়ে।

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাতো তেওঁ বহু পদক লাভ কৰিছে।

ইফালে মাতৃৰ পদাংক অনুসৰণ কৰিয়েই ত্ৰিলোকিনীয়ে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ সময়তে এছ আই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নাগমণিয়ে কয় যে কন্যাৰ সৈতে এছআই বাছনি পৰীক্ষা দিয়াটো তেওঁৰ জীৱনৰ আটাইতকৈ বিশেষ মুহূৰ্ত।

Related Articles

Back to top button