অসম

সাংসদ আব্দুল খালেকৰ নেতৃত্বত অসমৰ পাহাৰীয়া জিলাৰ বাবে কংগ্ৰেছে গঠন কৰিলে নতুন কমিটি

অসমৰ তিনিখন পাহাৰীয়া জিলাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গঠন কৰিলে এখন নতুন কমিটি।

লোকসভাৰ সাংসদ আব্দুল খালেকৰ অধ্যক্ষতাত গঠন কৰা হয় কমিটিখন।

কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নতুন কমিটিখন গঠন কৰি দিয়ে।

নতুন কমিটিখনত আব্দুল খালেক অধ্যক্ষ হিচাপে থকাৰ বিপৰীতে বিধায়ক শশী কান্ত দাস আুৰ গোলাপ শইকীয়া সদস্য হিচাপে আছে।

লগতে আহ্বায়কৰ দায়িত্বত আছে যুৱ কংগ্ৰেছী নেতা মানস বৰা।

অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এক প্ৰেছ বাৰ্তা যোগে এই কথা প্ৰকাশ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *