fbpx
অসমীয়াৰাষ্ট্ৰীয়

সম্পূৰ্ণ ক’লা কাপোৰ পিন্ধি সংসদ ভৱনত প্ৰৱেশ কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ, কাৰণ…

নিউজ ডেস্কঃ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ দেশ! অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা পেট্ৰ’ল-ডিজেললৈকে সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি আৰু অভাৱনীয় মূল্যবৃদ্ধিয়ে তীব্ৰ আৰ্থিক সংকট নমাই আনিছে দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ বাবে।

ইফালে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত আলোচনা বিচাৰি বহিস্কাৰ হ’বলগীয়া হৈছে বিৰোধী সাংসদ। যাৰ বাবে কিছুদিন পূৰ্বে সংসদ ভৱনৰ বাহিৰত মুকলি আকাশৰ তলত নিশা পাৰ কৰি প্ৰতিবাদো সাব্যস্ত কৰিছিল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও সাংসদে।

এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক’লা কাপোৰ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সাংসদে। ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খাৰ্গে আৰু আন সাংসদে শুকুৰবাৰে ক’লা কুৰ্তা, পায়জামা আৰু পাগুৰী পৰিধান কৰি প্ৰৱেশ কৰে সংসদ ভৱনত।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতীকিৰূপত সাব্যস্ত কৰা এই প্ৰতিবাদে স্বাভাৱিকতে দৃষ্টি আকৰ্ষণ কৰে সংবাদ মাধ্যম তথা আন আন সাংসদ সকলৰো।

ইফালে, আজি কংগ্ৰেছে ৰাষ্ট্ৰপতি ভৱনলৈ সমদল উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ‘ঘেৰাও’ কৰি বৰ্ধিত মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে, এসময়ত যেতিয়া বিজেপি বিৰোধীৰ আসনত আছিল, সেই সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতত গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল বৰ্মানৰ মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি বহু বিজেপি নেতা-সাংসদক।

কিন্তু এতিয়া তেওঁলোকেই ক্ষমতালৈ অহাৰ পিছত প্ৰতিদিনে মহঙা হৈ পৰা খাদ্য সামগ্ৰীৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰাহে দেখা পোৱা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!