অসম

সন্দেহ! স্বামীয়ে কামুৰি নাক চিঙিলে পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

এক আজৱ ঘটনা।

সন্দেহৰ বশৱৰ্তী হৈ স্বামীয়ে কামুৰি চিঙি দিলে পত্নীৰ নাক।

উত্তৰ প্ৰদেশৰ বাহৰাইচৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।

এগৰাকী ব্যক্তিয়ে পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহত কামুৰি চিঙি দিয়ে নিজ পত্নীৰ।

ঘটনা অনুসৰি কোতৱালী দেহাট অঞ্চলৰ বাহৰাইচৰ ২৬ বছৰীয়া ৰজনী দেৱী নামৰ মহিলাগৰাকী বেদনাপুৰৰ বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰী। ৰজনীৰ স্বামী জ্ঞানদত্ত পাঠকৰ সৈতে কিছুদিন ধৰি কাজিয়া হৈ আছিল। তাৰ পিছত, ৰজনীৰ খং উঠিছিল আৰু তেওঁ মাকক ঘৰলৈ গুচি গৈছিল।

ইয়াৰ পিছতে স্বামীয়ে গোণ্ডা জিলাৰ কৰ্ণেলগঞ্জৰ বনচগাঁৱত থকা তেওঁৰ শহুৰেকৰ ঘৰত উপস্থিত হৈ ক্ষমা বিচাৰিছিল আৰু তেওঁক ঘৰলৈ লৈ যাবলৈ বিচাৰিছিল।

সেই অনুসৰি ঘৰলৈ উভতি যোৱাৰ সময়ত শনিবাৰে টিকোৰামোড আউটপ’ষ্টৰ ওচৰত মাজ ৰাস্তাতে অন্য দুগৰাকী লোকৰ সহযোগত দাঁতেৰে কামুৰি নাক চিঙি দিয়ে পত্নীৰ।

পিছত মহিলাগৰাকীক সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে। কিন্তু ঘটনাটোৰ পিছৰে পৰা অভিযুক্তজন পলাতক অৱস্থাত আছে।

Related Articles

Leave a Reply

Back to top button