নিউজ ডেস্কঃ সত্ৰনগৰী মাজুলীত সভ্য সমাজক লজ্জানত কৰা ঘটনা।
বহিঃৰাজ্যৰ যুৱতী পৰ্যটকক ধৰ্ষণৰ চেষ্টা দুই পাষণ্ডৰ।
মাজুলীত সংঘটিত এই কাণ্ডই এতিয়া জোকাৰি গৈছে সচেতন মহলক।
আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত এজন কিশোৰকে ধৰি দুজনক।
যুৱতীগৰাকীৰ লগত থকা আইফোনৰ লোভতেই জংঘলৰ মাজলৈ নি ধৰ্ষণৰ অপচেষ্টা চলাইছিল দুই পাষণ্ডই।
জানিব পৰা মতে, যোগ প্ৰশিক্ষণৰ বাবে সত্ৰনগৰীলৈ অহা এটা ১১ জনীয়া দলৰ সৈতে আহিছিল হায়দৰাবাদৰ যুৱতীগৰাকীও।
যুৱতীগৰাকীয়ে অফলামুখ ঘাটলৈ বুলি এখন টমটমত উঠিছিল। তাৰ পৰা তেওঁ ফেৰীৰে গন্তব্যস্থানলৈ যোৱাৰ কথা।
কিন্তু অফলামুখ ঘাট পোৱাৰ পূৰ্বেই টমটমখনত উঠে আকাশ দাস নামৰ এজন কিশোৰ।
ইয়াৰ পিছতে যুৱতীগৰাকীক জংঘললৈ টানি নি টমটম চালক প্ৰশান্তৰ সৈতে ধৰ্ষণৰ অপচেষ্টা চলায় আকাশ দাসে।
যুৱতীগৰাকীৰ দেহৰ পোছাক ফালি আইফোন আৰু লগত থকা নগদ ধনো কাঢ়ি নিয়াৰ চেষ্টা চলায় দুই পাষণ্ডই।
কিন্তু সেই সময়তে স্থানীয় ৩ যুৱকে জংঘলৰ পৰা যুৱতীগৰাকীৰ চিঞৰ শুনি আৰক্ষীক খবৰ দিয়ে।
তাৰ পিছতে আৰক্ষীয়ে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে বহিঃৰাজ্যৰ যুৱতীগৰাকীক।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন লম্পটক।
সত্ৰনগৰীত কালিমা সনা এই কাণ্ডই স্তম্ভিত কৰিছে মাজুলীবাসীক।