সচিবালয়ত দালালৰাজ! মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ৫ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰী বিষয়া…

ৰাজ্যৰ  হৃৎপিণ্ডস্বৰূপ সচিবালয়ত চলিছে দালাল চক্ৰৰ দপদপনি।

মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবদ দিব লাগে ৫ হাজাৰ টকা।

এই বিস্ফোৰক অভিযোগ ডিব্ৰুগড়ৰ এগৰাকী ভুক্তভোগী মহিলাৰ।

জানিব পৰা মতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ৪ আগষ্টত মহিলাগৰাকী আহিছিল জনতা ভৱনলৈ। কাৰণ- সদৌ অসম উন্নয়ন প্ৰাধিকৰণৰ কর্মচাৰী স্বামীৰ হেনো ৩৬ মাহে দৰমহা হোৱা নাই। লাভ কৰা নাই অন্যান্য সা-সুবিধা।

এই সমস্যাৰ পৰিত্ৰাণৰ উপাই বিচাৰিবলৈ মহিলাগৰাকী আহিছিল জনতা ভৱনলৈ। এনেতে লম্ভিলে এজন দালালে।

দালালজনৰ নাম ভূপেন হাজৰিকা। ভূপেন হাজৰিকা হেনো আবকাৰী বিভাগৰ কর্মচাৰী।

ভূপেন বৰাই মহিলাগৰাকীক মুখ্যমন্ত্ৰীৰ সাক্ষাৎ কৰি দিয়াৰ বিনিময়ত ৫ হাজাৰ টকা দাবী কৰে।

মহিলাগৰাকীয়ে উপায়হীন হৈ ৫ হাজাৰ টকা দিয়ে দালাল ভূপেন হাজৰিকাক। সেই মর্মে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

ইতিমধ্যে দিছপুৰ আৰক্ষীৰ জালত পৰিছে আবকাৰী বিষয়া ভূপেন হাজৰিকা।

মন্ত্ৰী বিমল বৰাৰ ব্যক্তিগত সহায়ক সুমিত দেৱে ৰুজু কৰিছিল এটা গোচৰ।

গোচৰ নম্বৰ-২৮৬০/২১।

ভাৰতীয় দণ্ডবিধিৰ ধাৰা সন্নিবিষ্ট হৈছে-৩৮৪।

Leave a Comment