fbpx
অসমীয়াঅসম

সক্ৰিয় ৰাজনীতিত ভৰি দিলে অভিনেত্ৰী জুপিতৰা ভূঞাই! লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা…

নিউজ ডেস্কঃ অৱশেষত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিল অসমৰ আন এগৰাকী অভিনেত্ৰী।

এইবাৰ ৰাজনীতিত পথাৰত ভৰি দিলে মোহময়ী অভিনেত্ৰী জুপিতৰা ভূঞাই।

তৃণমূল কংগ্ৰেছত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।

তৃণমূল কংগ্ৰেছৰ প্ৰদেশ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে জুপিতৰা ভূঞা।

উল্লেখ্য যে, ‘কা’ আন্দোলনৰ সময়ৰে পৰা অসমৰ কেইবাগৰাকীও গায়ক-অভিনেতাই যোগদান কৰিছে ৰাজনীতিত।

যতিন বৰা, সীমান্ত শেখৰ, বিদ্যাসাগৰ, অজয় ফুকন, বাবূু বৰুৱা আদি গায়ক-অভিনেতাই ইতিমধ্যে ৰাজনীতিত খোজ দি নিজৰ ভাগ্য পৰীক্ষা কৰিছে।

ইয়াৰ সমান্তৰালভাৱে এইবাৰ জুপিতৰা ভূঞাৰ ৰাজনীতিত যোগদানেও লাভ কৰিছে চৰ্চা।

২০২৪ৰ লোকসভা নিৰ্বাচনত জুপিতৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে বুলিও আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!