অসম

শৰাইঘাট দলঙত নাহৰফুটুকী বাঘৰ পোৱালিৰ মৃত্যু

নিউজ ডেস্ক। তীব্ৰবেগী বাহনৰ খুন্দাত জালুকবাৰীৰ শৰাইঘাট দলঙত মৃত্যু ঘটিল নাহৰফুটুকী বাঘৰ পােৱালিৰ।

এখন তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হয় নাহৰফুটুকীটোৰ।

নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা এটা নাহৰফুটুকী বাঘৰ পোৱালি জালুকবাৰী শৰাইঘাট দলঙৰ সমীপত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু ঘটে।

বাঘটোৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওঁতেই দুৰ্ঘটনাত পতিত হয়। প্ৰাণৰ মমতাত ৰাজপথতে চট্ফটাই থকা দেখি প্ৰত্যক্ষদৰ্শীয়ে পোৱালিটোক জীৱন্ত কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও অৱশেষত বাঘটোৰ মৃত্যু ঘটে।

ইফালে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি জালুকবাৰী যান-বাহন আৰক্ষীৰ এটা টহলদাৰী দলে বন বিভাগক খবৰ দিয়ে।

পাছত ঘটনাস্থলীত খনামুখ খণ্ড বন বিভাগৰ এটা দল উপস্থিত হৈ মৃত নাহৰফুটুকীটো খনামুখৰ কাৰ্যালয়লৈ লৈ যায়।

পিছত মৃত নাহৰফুটুকীটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বন বিভাগে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *