শোকাৱহ! ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী চাবলৈ গৈ অকাল মৃত্যুক সাৱটিলে মেধাৱী ছাত্ৰী পল্লবীয়ে…

এক মৰ্মান্তিক ঘটনা……..

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী চাবলৈ গৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে।

চন্দ্ৰপুৰত নিখোজ হৈ থকা চন্দ্ৰপুৰ অঞ্চলৰ মেধাৱী ছাত্ৰী পল্লবী বৈশ্যৰ মৃতদেহ উদ্ধাৰ কৰে SDRF বাহিনীয়ে।

মঙলবাৰে দিনৰ প্ৰায় ১২.৩০ বজাৰ পৰা নিখোজ হৈ আছিল চন্দ্ৰপুৰ বাগিচাৰ অঞ্চলৰ যুৱতীগৰাকী।

জানিব পৰা মতে, মঙ্গলবাৰে দিনৰ ১২ মান বজাত চন্দ্ৰপুৰ বাগিছাৰ প্ৰয়াত উপেন বৈশ্যৰ কন্যা পল্লৱী বৈশ্যই নিজ ঘৰৰ ওচৰত থকা এগৰাকী বান্ধৱীক থবলৈ গৈছিল লগতে ওচৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী চাবলৈ যাম বুলি পৰিয়ালক কৈ ওলাই আহে।

তাৰপিছত যুৱতী গৰাকীয়ে বান্ধৱী গৰাকীক এৰি থৈ আহি ঘৰলৈ ঘূৰি যাম বুলি কোৱাত বান্ধৱী গৰাকীয়ে নিজ গৃহত গুচি যায়।

কিন্তু বহু সময় ধৰি পল্লৱীয়ে ঘৰলৈ নোযোৱাত ঘৰৰ পৰিয়াল চিন্তিত হৈ পৰে।

পৰিয়ালৰ লোকে বান্ধৱী গৰাকীক সোধা-পোছা কৰাত বান্ধৱী গৰাকীয়ে ঘৰলৈ যোৱা বুলি কোৱাত সকলোৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ যোৱা বুলি সন্দেহ ওপজে।

ইয়াৰ পিছতেই পৰিয়ালৰ লোকে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত খবৰ কৰাত প্ৰাগজ্যোতিষপুৰ আৰক্ষীযে SDRF বাহিনীৰ সহযোগত যুৱতী গৰাকীৰ উদ্ধাৰ অভিযানত নামি পৰে।

বুধবাৰে পুৱাৰ পৰা যুৱতী গৰাকীৰ সন্ধানত পুনৰ SDRF বাহিনীয়ে অভিযান চলাই দিনৰ ভাগত ঘৰৰ কাষত থকা বিল এখনত পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে।

মৃত্যু হোৱা মেধাসম্পন্ন ২৪ বছৰীয়া পল্লবী বৈশ্য গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সম্পূৰ্ন কৰি চাৰ্টাৰ একাউণ্টটেণ্ট ( C.A) কৰি আছিল।

মৃতদেহ উদ্ধাৰ হোৱাৰ কিছু সময়ৰ পিছতেই ঘটনাস্থলীত চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ উক্ত ঘটনাৰ পৰ্যবেক্ষণ কৰে।তাৰ পিছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

Leave a Comment