ৰাষ্ট্ৰীয়

শোকাৱহ! বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ সময়ত ১১ কন কন শিক্ষাৰ্থীসহ দ’ খাৱৈত পৰিল বাহন…

এক শোকাৱহ দুৰ্ঘটনা!

বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ সময়ত ১১ কণ কণ শিক্ষাৰ্থীসহ দ খাৱৈত পৰিল বাহন।

এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আগ্ৰাৰ ফাটেহপুৰ চিক্ৰীত।

হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাহন খনে পথৰ কাষৰে দ’ খালত পৰি যায়।

লগে লগে কন কন ছাত্ৰ-ছাত্ৰী কেইজনৰ মাজত চিঞৰ বাখৰ লাগে।

শিক্ষাৰ্থীসকলৰ চিঞৰ বাখৰ শুনি লগে লগে সেই স্থানত উপস্থিত হয় স্থানীয় গাঁওবাসী।

স্থানীয় ৰাইজে পানীত ভিতৰত সোমাই যাবলৈ ধৰা বাহনখন প্ৰত্যক্ষ কৰি উদ্ধাৰৰ বাবে পানীত নামি যায় গাঁওবাসী।

বাহনখনৰ গ্লাছ ভাঙি এজন এজনকৈ কোনো মতে ১১ গৰাকী ছাত্ৰ-ছাত্ৰীকেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাঁওবাসী।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহনখনো উদ্ধাৰৰ ব্যৱস্থা কৰে লগতে ঘটনা সন্দৰ্ভে বাহনৰ চালককো সোধপোচ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *