fbpx
অসম

শোকাৱহ! প্ৰবল ধুমুহাত গছ উভালি পৰি কৰুণ মৃত্যুক সাৱটিলে এজন লোকে…

এক শোকাৱহ ঘটনা।

শুক্ৰবাৰে সন্ধিয়া হোৱা প্ৰবল ধুমুহাত গছ উভালি পৰি কৰুণ মৃত্যুক সাৱটিলে এজন লোকে।

গোলাঘাট জিলাৰ কমাৰবন্ধাত ৰে’লগে’ট তিনিআলিত সন্ধিয়া ৬.৩০ মান বজাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

ঘটনা সন্দৰ্ভত জানিব পৰামতে, সন্ধিয়া অহা প্ৰবল ধুমুহা জাকৰ মাজতে কমাৰবন্ধা গোহাঁই গাঁৱৰ হেম বৰা (৬০)ই চাইকেলেৰে আহি থাকোতে পথৰ কাষত থকা এজোপা ডাঙৰ বৰগছ উভালি পৰে।

বৰগছজোপাই হেম বৰাক চাইকেলৰ সৈতে হেঁচা মাৰি ধৰে আৰু তেওঁৰ থিতাতে মৃত্যু হয়।

উল্লেখ্য যে, এই ধুমুহাত গছ-গছনি উভালি তচনচ হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হয়।

হেম বৰাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

ইপিনে ধুমুহাত উভালি পৰা বৰগছজোপাই নীৰজ নাওকাৰ চৌহদত ৰখাই থোৱা এখন ইণ্ডিগ’ গাড়ীও চূৰ্ণ-বিচূৰ্ণ কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!