অসম

শোকাৱহ পথ দুৰ্ঘটনা! মালবাহী বাহনৰ খুন্দাত থিতাতে নিহত পথচাৰী…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী মালবাহী বাহনৰ খুন্দাত থিতাতে নিহত পথচাৰী।

বকোৰ কলহীকাষত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত লোকজন গৰৈমাৰী মহিমাৰীৰ ৫০ বছৰীয়া আইনুল হক।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ এএছ০১ এনচি ৮৫২০।

আহত আইনুল হকক স্থানীয় লোকে ততাতৈয়াকৈ বকো চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আনহাতে দুৰ্ঘটনাটোৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে কণমানি নাতিনীয়েক।

আইনুল হক ইছলামিক শিশু নিকেটনৰ শিক্ষক আছিল।

আইনুলৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Related Articles

Back to top button