শোকাৱহ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাৱটিলে ২১ বছৰীয়া বিভূতি বৰাই…

এক শোকাৱহ পথ দুৰ্ঘটনা।
কৰুণ মৃত্যুক সাৱটিলে ২১ বছৰীয়া যুৱক বিভূতি বৰাই।
শনিবাৰে দিনৰ ভাগত কলিয়াবৰত পৃথক পৃথক পথ দুৰ্ঘটনাত সাংবাদিক-শিশুসহ সাতজন লোক আহত আৰু বিবাহযাত্ৰীৰ এজন লোক নিহত হোৱাৰ ঘটনাই সকলোকে ম্ৰিয়মান কৰি তোলাৰ সময়তে পুনৰ নিশা প্ৰায় ৯.৪৫ বজাত সংঘটিত আন এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়৷
জানিব পৰা মতে কলিয়াবৰ মহকুমাৰ উলু্ৱনিৰ পৰা বৰভগীয়াৰ নিজা গৃহলৈ বুলি এ এছ ১২ এ বি ৫৭০৫ নম্বৰৰ পালচাৰ বাইকখনৰে গৈ থকাৰ পথত তিনি আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিৰ খাৱৈত।

দুৰ্ঘটনাটোত নিহত হয় বাইকখনৰ চালক বিভূতি বৰা নামৰ যুৱকজন(২১)।
আনহাতে আহত হয় আন দুই আৰোহী ক্ৰমে অভিজিত শইকীয়া আৰু ৰিংকু বৰা।
তিনিওৰে ঘৰ কলিয়াবৰৰ বৰভগীয়া গাঁৱত।
উলুৱনীৰ পৰা গৃহাভিমুখে আহি থকা অৱস্থাত বৰভগীয়াত গড়কাপ্তানি পথত দুৰ্ঘটনা সংঘটিত হয়।
যুৱকজনৰ অকাল বিয়োগত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।