অসম
শোকাৱহ! নৈ’ত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী আৰক্ষী জোৱানৰ…

এক শোকাৱহ ঘটনা।
নৈ’ত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী আৰক্ষী জোৱানৰ।
পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
কপিলী নৈ’ত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিত ২৩ নং অসম আৰক্ষী(সংৰক্ষিত)ৰ হেড কনিষ্টবল আনন্দ কাঠাৰ।
পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল জোৱানজন।
কিছুদিন পুৰ্বে কনিষ্টবলজন ছুটিত আহিছিল তৰাডুবিস্থিত নিজ ঘৰলৈ।
পিছত নৈ’ত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় আনন্দ কাঠাৰৰ মৃতদেহ।
আৰক্ষী জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।