শোকাৱহ! নাও ডুবি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এগৰাকী যুৱক, পৰিয়ালত হাহাকাৰ…

এক শোকাৱহ ঘটনা।

নাও ডুবি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এগৰাকী যুৱক।

গোৱালপাৰাৰ চুনাৰীত ব্ৰহ্মপুত্ৰত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে গোৱালপাৰা জিলাৰ চুনাৰী নদী থানাৰ অন্তৰ্গত বল্লাপুৰী চৰত ব্ৰহ্মপুত্ৰ নদীত একেটা পৰিয়ালৰে তিনি জন লোকে এখন টুলুঙা নাও চলায় আছিল।

কিন্তু প্ৰচণ্ড বতাহৰ বাবে ব্ৰহ্মপুত্ৰ নদীত টুলুঙা নাওখন ডুবি তিনিও জন লোক নদীত পৰি যায়।

দুজন লোকক ততাতৈয়াকৈ উদ্ধাৰ কৰা হয় যদিও এজন যুৱকৰ সন্ধানহীন হৈ পৰে।

সন্ধানহীন হৈ থকা যুৱক জন ৰৌখোৱা বল্লাপুৰীৰ হাৰেজ আলী বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এছ ডি আৰ এফৰ দলে লোকজক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।