এক অতি শোকাৱহ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী আটাছু নেতাৰ।
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈৰ মৃত্যু।
শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় নেতাগৰাকীৰ।
জানিব পৰা মতে, হাঁহচৰা নগাগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত পৰি যায় জয়ন্ত সন্দিকৈৰ বাহনখন।
যাৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় আটাছুৰ জিলা সভাপতিগৰাকীয়ে।
সকলোৰে লগত এক সু-সম্পৰ্ক ৰক্ষা কৰি সংগঠনটোক সৱলভাবে নেতৃত্ব প্ৰদান কৰি অহা জয়ন্ত সন্দিকৈৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সংগঠনৰ নেতৃত্ব।