শোকাৱহ দুৰ্ঘটনা! তীব্ৰ বেগী বুলেটৰ খুন্দাত প্ৰাণ গ’ল চাইকেল আৰোহী ৰাজেশৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী বুলেটৰ খুন্দাত প্ৰাণ গ’ল চাইকেল আৰোহী ৰাজেশ শীলৰ।

শনিবাৰে নিশা বঙাইগাঁও চহৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে জৰ্জবিন্দৰ সিং নামৰ এজন যুৱকে এ এছ-১৯ পি-১৬৫৬ নম্বৰৰ এনফিল্ড বুলেট বাহনেৰে বঙাইগাঁও কলেজ দিশলৈ গৈ থকা অৱস্থাত এজন চাইকেল আৰোহীক খুন্দিয়ায়।

তীব্ৰ বেগত খুন্দা মাৰি দুয়ো ৰাজপথত চিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয়।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

লগে লগে দুয়োজন লোককে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত চাইকেল আৰোহী ৰাজেশ শীলৰ চিকিৎসালয়তে মৃত্যু হয়।

আনহাতে, বৰ্তমান জৰ্জবিন্দৰ সিং সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাটোত মৃত্যু হোৱা ৰাজেশ শীলৰ ঘৰ চহৰখনৰ বাবুপাৰাত বুলি জানিব পৰা গৈছে।

Leave a Comment