শোকাৱহ! দিন হাজিৰা কৰি উভতাৰ পথতে তীব্ৰবেগী বাহনে খুন্দিয়ালে দুই সন্তানসহ মাতৃক, নিহত মাতৃ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দিন হাজিৰা কৰি উভতাৰ পথতে তীব্ৰবেগী বাহনে খুন্দিয়ালে দুই সন্তানসহ মাতৃক, নিহত মাতৃ।

বিলাসীপাৰাৰ চিৰাকুটাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা মহিলা গৰাকীৰ নাম বুলবুলি বেওৱা(৫৫)বুলি জানিব পৰা গৈছে।

এখন তীব্ৰবেগী ছুইফট ডিজায়াৰা বাহনে মহতিয়াই নিয়াৰ ফলতে বুলিবুলি বেওৱা নামৰ মহিলা গৰাকীৰ কৰুণ মৃত্যু হয়।

ইপিনে, পথ দুৰ্ঘটনাটোৰ ফলত মহিলা গৰাকীৰ দুই কন্যা আচমিনা বেগম আৰু হুছেনা বেগমো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত আচমিনা বেগম আৰু হুছেনা বেগমক কোকৰাঝাৰ আদৰ্শ হস্পিটেললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, দিন হাজিৰা কৰি দুই সন্তানৰ সৈতে বুলিবুলি বেওৱাই ঘৰলৈ উভতাৰ পথতে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে, পথ দুৰ্ঘটনাটো সংঘটিত কৰি এএছ-১৯কিউ-৫৫৫১ নম্বৰৰ বাহনখনে চালকসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও চালকে শালকোচা আৰক্ষী চকীত আত্মসমৰ্পন কৰে।

Leave a Comment