fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! হোৱাটছএপত বন্ধুলৈ শেষবাৰ মেছেজ কৰি চৰম পথ বাচি ল’লে এজন মেধাৱী ছাত্ৰই…

নিউজ ডেস্কঃ হোৱাটছএপত বন্ধুলৈ শেষবাৰৰ বাবে মেছেজ কৰি জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে এজন মেধাৱী ছাত্ৰই।

হোষ্টেলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে নিধিন শৰ্মা নামৰ মেধাৱী ছাত্ৰজনে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কোঝিকোড এনআইটিত।

নিহত ছাত্ৰজনৰ ঘৰ পশ্চিম বংগত বুলি জানিব পৰা গৈছে।

এনআইটিত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰজনে কি কাৰণে আত্মহত্যাৰ পথ বাচি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

কিন্তু ছাত্ৰজনে মৃত্যুৰ পূৰ্বে তেওঁৰ বন্ধুলৈ হোৱাটছএপত মেছেজ কৰি জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা বুলি মন্তব্য কৰিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ২২ বৰ্ষীয় ছাত্ৰজনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, একেটা হোষ্টেলতে বিগত বৰ্ষৰ ডিচেম্বৰত এনেদৰে তিন মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল এছ দিলীপ নামৰ আন এজন ছাত্ৰই।

Related Articles

Back to top button