নিউজ ডেস্কঃ হঠাৎ সন্মুখত উপস্থিত হোৱা এটা বন গাহৰিক বচাবলৈ গৈ পথৰ ওপৰতে বাগৰি পৰিল এখন অটো ৰিক্সা।
এই ভয়ংকৰ দুৰ্ঘটনাত এটি চাৰে চাৰি বছৰীয়া কণমানিৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় শিশুটিৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ।
শনিবাৰে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ নেদুমকৰণাৰ সমীপত।
নিহত শিশুটিক ওদাথোডৰ নিৱাসী সুধীৰ আৰু চুবৈৰাৰ পুত্ৰ মহম্মদ ইয়ামিন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, শনিবাৰে পুৱা চুবৈৰা নামৰ মহিলাগৰাকীয়ে দুই সন্তানক লগত লৈ অটোৰে কোনো কামত ঘৰৰ পৰা ওলাই আহিছিল।
তেওঁলোকে এটা পথেৰে গৈ থকা সময়তে সময়তে হঠাৎ অটোৰ সন্মুখত কাষৰ হাবিৰ পৰা এটা বন গাহৰি উপস্থিত হয়।
বন গাহৰিটো সন্মুখত দেখি অটো চালকজনে বন্য জন্তুটোক বচাবলৈ যাওতেই পথৰ ওপৰত অটোখন লুটি খাই পৰাত ঘটনাস্থলীতে মৃত্যু ঘটে কণমানি ইয়ামিনৰ।
পিছত স্থানীয় লোক আৰু আৰক্ষীয়ে আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।