শোকাবহ! শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাতে এটা অংশ খহি কৰুণ মৃত্যু ১৫ শ্ৰমিকৰ…

নিউজ ডেস্কঃ শিলৰ কুৱেৰীত খনন কাৰ্য চলাই থকাৰ সময়তে হঠাৎ কুৱেৰীৰ এটা অংশ খহি পৰাৰ ফলত মৃত্যু ঘটে কমেও ১৫ জন শ্ৰমিকৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মিজোৰামৰ হ্নাহথিয়াল জিলাৰ মৌদাৰত।

image 105
শোকাবহ! শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাতে এটা অংশ খহি কৰুণ মৃত্যু ১৫ শ্ৰমিকৰ… 5

জানিব পৰা মতে, সোমবাৰে এটা ব্যক্তিগত কোম্পানীৰ দ্বাৰা পৰিচালিত এটা শিলৰ কুৱেৰীত শ্ৰমিক সকলে কাম কৰি থকাৰ সময়তে হঠাৎ এটা অংশ খহি পৰে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে বিভিন্ন সংস্থা আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই মঙলবাৰৰ দুপৰীয়ালৈকে ৮ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

image 106
শোকাবহ! শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাতে এটা অংশ খহি কৰুণ মৃত্যু ১৫ শ্ৰমিকৰ… 6

অঞ্চলটোৰ একাংশ গাঁৱৰ লোকে জনোৱা মতে, দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ পৰা উভতি অহাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হৈছিল।

শিলৰ কুৱেৰীটোত কামৰ তদাৰক কৰা ঠিকাদাৰৰ উদ্ধৃতি দি হ্নাহথিয়াল জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় গুৰুঙে কয় যে ইতিমধ্যে ১২ জন লোকৰ মৃত্যু হৈছে।

image 107
শোকাবহ! শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাতে এটা অংশ খহি কৰুণ মৃত্যু ১৫ শ্ৰমিকৰ… 7

কিন্তু অনুসন্ধান আৰু উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছত মৃত্যুৰ সঠিক সংখ্যা জানিব পৰা যাব বুলি গুৰুঙে জনায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত নিহত অধিক সংখ্যক শ্ৰমিকেই বিহাৰৰ বাসিন্দা।

বিগত প্ৰায় ২ বছৰ ধৰি খনন কাৰ্য চলি থকা ব্যক্তিগত কোম্পানীৰ শিলৰ কুৱেৰীটোত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, মিজোৰাম সশস্ত্ৰ আৰক্ষী জোৱান, সীমান্ত সুৰক্ষা বাহিনী আৰু অসম ৰাইফলছে উদ্ধাৰ অভিযান চলাই আছে।