
নিউজ ডেস্কঃ শাৰীৰিক প্ৰতিবন্ধকতাক জীৱনৰ বাটত হেঙাৰ হ’বলৈ দিব নিবিচৰা এজন যুৱক অৱশেষত গুচি গ’ল আকস্মিকভাৱেই।
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি জীৱন যুদ্ধত জয়ী হ’ব বিচৰা যুৱকজনে ইউটিউবৰ মাধ্যমেৰে লাভ কৰিছিল অলেখ জনপ্ৰিয়তা।
আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি যুঁজি অৱশেষত ঘূৰাই পাইছিল সুদিনো।

কিন্তু নিষ্ঠুৰ নিয়তিয়ে সফলতাৰ চৰম সীমা লাভৰ পূৰ্বেই আকস্মিকভাৱে কাঢ়ি লৈ যায় ২২ বৰ্ষীয় যুৱকজনৰ প্ৰাণ।
নাম তেওঁৰ অমিত মণ্ডল। ঘৰ- পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ ফ্ৰেজাৰগঞ্জৰ শিৱপুৰত।
বিশেষভাৱে সক্ষম অমিতে শেহতীয়াকৈ ইউটিউবাৰ হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
অমিতৰ পিতৃ-মাতৃ দুয়োজনেই চাফাই কৰ্মী। শাৰীৰিক সক্ষমতাৰ সমান্তৰালভাৱে সেয়ে তেওঁলোকে সন্মুখীন হ’বলগীয়া হৈছিল আৰ্থিক সমস্যাৰো।

কিন্তু কলেজত নামভৰ্তি কৰাৰ সময়তে ইউটিউবৰ জগতত ভৰি দি কিবা এটা কৰি দেখুওৱাৰ পণ বান্ধি লয় অমিতে।
নিষ্ঠা, একাগ্ৰতা আৰু পৰিশ্ৰমে লাহে লাহে বৃদ্ধি কৰিছিল তেওঁৰ ইউটিউব পৰিয়াল।
কিন্তু তাৰ মাজতে অমিতৰ সৈতে সংঘটিত হয় সেই শোকাবহ ঘটনা।
মঙলবাৰে ফ্ৰেজাৰগঞ্জৰ মুনছিৰহাট অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় অমিতসহ ৩ জন লোক।
লগে লগে সংকটজনক অৱস্থাত অমিতক কলকতাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতেই মৃত্যুক সাৱটি লয় ২২ বৰ্ষীয় যুৱকজনে।
সপোন দেখি ভালপোৱা সৰল মনৰ অমিত মণ্ডলৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰি তুলিছে তেওঁৰ পৰিয়ালক।
লগতে অমিতৰ মৃত্যুৱে ব্যথিত কৰিছে তেওঁৰ ইউটিউবৰ জগতখনকো।