
নিউজ ডেস্কঃ মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ সময়তে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু দুখন বাহনৰ ৪ জনকৈ লোকৰ।
এই দুৰ্ঘটনাত আহত হয় আন দুজন ব্যক্তিও।
উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ জাখেড়ি গাঁৱত শনিবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
জানিব পৰা মতে, ফতেহপুৰৰ হৰিহৰ গঞ্জৰ নিৱাসী আশীষ কুমাৰ (২৭), আশীষৰ হ’বলগীয়া নবৌৱেক তথা পঞ্চায়ত সচিব অঞ্জু (২৫), অঞ্জুৰ মাতৃ সত্যা (৬০) আৰু বাহন চালক দীপক মিশ্ৰ (২৪)ই স্কৰপিঅ’ বাহনেৰে গৈছিল মধ্যপ্ৰদেশৰ পীতাম্বৰা মন্দিৰ দৰ্শনৰ বাবে।

তেওঁলোকে যাত্ৰা কৰাৰ সময়তে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেত বিপৰীত দিশৰ পৰা অহা আন এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
এই ভয়ংকৰ দুৰ্ঘটনাত সিখন বাহনৰ দুজন লোকৰ মৃত্যু ঘটাৰ লগতে মৃত্যু ঘটে আশীষ কুমাৰ আৰু সত্যাৰো।
আনখন বাহনত থকা যাত্ৰী নিহত এজনক ৰবীন্দ্ৰ কুমাৰ শৰ্মা (৪৫) বুলি চিনাক্ত কৰা হৈছে যদিও আনজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে গুৰুতৰভাৱে আহত দীপক মিশ্ৰ আৰু অঞ্জুক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।