
নিউজ ডেস্কঃ মঞ্চত নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী নৃত্য শিল্পীয়ে। মঞ্চত নাচি থকা সময়তে শিল্পীগৰাকী হঠাৎ বাগৰি পৰাত এয়া নৃত্যৰে অংশ বুলি ভাৱি দৰ্শকে হাত চাপৰিৰে উল্লাস ব্যক্ত কৰে। কিন্তু ক্ষন্তেক সময় পিছতে শিল্পীগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি জানিব পৰা যায়।
এই শোকাবহ ঘটনা সংঘটিত হৈছে জম্মুত। জানিব পৰা মতে, মৃত্যু ঘটা শিল্পীগৰাকীৰ নাম হৈছে যোগেশ গুপ্তা। উল্লেখ্য যে, যোগেশ গুপ্তা পৌৰাণিক নাৰী আৰু পুৰুষৰ চৰিত্ৰত অভিনয় কৰা নৃত্যশিল্পী হিচাপে পৰিচিত আছিল।
বুধবাৰে নিশা গণেশ উৎসৱ উপলক্ষ্যে জম্মুৰ বিছনাহ অঞ্চলত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছিল যোগেশ গুপ্তাই। মঞ্চত তেওঁ পাৰ্বতীৰ ভেশত নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে হঠাৎ মঞ্চত বাগৰি পৰে। সেই সময়ত দৰ্শক, সহ-অভিনেতাসকলে এয়া নৃত্যৰে অংশ বুলি ধৰি লৈ আপ্লুত হৈ হাত চাপৰি বজায়।
20 year old Jammu girl dies of heart attack while performing on stage. Could CPR have saved her ? Did lack of public awareness lead to her death? pic.twitter.com/w7lMoHGC4a
— Sudhir Chaudhary (@sudhirchaudhary) September 8, 2022
কিন্তু এয়া যে নৃত্যৰ অংশ নাছিল। বৰং মঞ্চত হাৰ্ট এটেক হৈ ঢলি পৰিছিল নৃত্য শিল্পীগৰাকী। কিছু সময় মঞ্চত পৰি ৰোৱাত একাংশ সহযোগী নৃত্য শিল্পীয়ে যোগেশ গুপ্তাৰ কাষলৈ গৈ হৃদস্পন্দত পৰীক্ষা কৰাত তেওঁ অসুস্থ হৈ পৰা বুলি নিশ্চিত হয়। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে নৃত্যশিল্পীগৰাকীক।
ইতিমধ্যে নৃত্যশিল্পীগৰাকীৰ কৰুণ মৃত্যুৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। শিল্পীগৰাকীৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ জম্মুত। উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত এগৰাকী অভিনেতাই হনুমানৰ ভেশত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি লৈছিল।